তিনিচুকীয়াত ড্ৰাগছসহ এজনক আটক

0
8

তিনিচুকীয়াত ড্ৰাগছসহ এজনক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২১ জুলাইঃ যি সময়ত অসমৰ মুখ্য মন্ত্ৰীয়ে ড্ৰাগচৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে । তেনে সময়তে তিনিচুকীয়াতো ড্ৰাগচ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তিনিচুকীয়াত ড্ৰাগচ সৰবৰাহ কৰা যুৱকে বিচৰণ কৰাক কেন্দ্ৰ কৰি চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে , তিনিচুকীয়াৰ গেলাপুখুৰী পথত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই ৭.৭৫ গ্ৰাম ব্ৰাউন চুগাৰসহ এজন লোকক আটক কৰে আটকাধীনধীন ড্ৰাগছ সৰবৰাহকাৰী জন তিনিচুকীয়াৰ বৰদলৈ নগৰৰ যাদবেন্দ্ৰ দাস(৩৫) বুলি জানিব পৰা গৈছে । ড্ৰাগছ সৰবৰাহ কাৰী গৰাকীয়ে এখন টাটা চাফাৰী গাড়ী চলাই আহিছিল । ড্ৰাগচ সৰবৰাহকাৰীজনে চলাই অহা এম এল ০৯ ৪৭৯৯ নম্বৰৰ টাটা চাফাৰী গাড়ীখনো জব্দ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (ব) এন ডি পি এচ ধাৰাৰ অধীনত ৯৬৭/২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষী সূত্ৰে জনোৱা মতে , অপৰাধীজনে ড্ৰাগচখিনি কাকপথাৰৰ পৰা বৰদলৈ নগৰস্থিত নিজ গৃহলৈ আনি আছিল । আৰক্ষীৰ জালত আৰু ড্ৰাগচ ব্যৱসায়ী আটক হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here