তিনিচুকীয়া আৰক্ষীৰ সফলতা , প্ৰায় ছয় লাখ টকা পৰিমাণৰ ড্ৰাগছ সহ দুজনক আটক

0
6

তিনিচুকীয়া আৰক্ষীৰ সফলতা , প্ৰায় ছয় লাখ টকা পৰিমাণৰ ড্ৰাগছ সহ দুজনক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , তিনিচুকীয়া , প্ৰেমানন্দ দাস , ১০ জুনঃ ৰাজ্যত ক’ৰণাৰ ভয়াবহতাৰ মাজতে একাংশই এতিয়াও চলাই নিছে নিষিদ্ধ ড্ৰাগছ ৰমৰমীয়া বেহা । নিতৌ আৰক্ষীৰ চকুত ধূলি দি পাৰ হৈ যায় ড্ৰাগছ সৰবৰাহকাৰী সকল । সেয়েহে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া অভিযানত নামি পৰিছে জিলা আৰক্ষী অধীক্ষক সকল । বুধবাৰে সন্ধ্যা এক গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়া আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা পানীতোলা আৰক্ষী চকীয়ে অভিযান চলাই AS-23-BC-8179 নম্বৰৰ এখন খালি গেছ ছিলিণ্ডাৰ কঢ়িয়াই নিয়া গাড়ীৰ পৰা প্ৰায় ছয় লাখ টকাৰ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে । লগতে ড্ৰাইভাৰ সহ দুজনক আটক কৰিবলৈ সক্ষম হয় । যুৱক দুজন ক্ৰমে ৰতনি পথাৰৰ উজেন ফুকন আৰু যমুনা ৰাম লিম্বু বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে । চালক আৰু হেণ্ডিমনেক পানীতোলা আৰক্ষীয়ে আটক কৰি তিনিচুকীয়া সদৰ থানলৈ প্ৰেৰণ কৰে । জানিবলৈ পৰা মতে , জব্দ কৰা ড্ৰাগছ খিনি বহিঃৰাজ্য পৰা সৰবৰাহ কৰি আনিছিল । আনহাতে , গাড়ীখনৰ মালিক কোন , ড্ৰাগছ খিনি কাৰ আছিল আৰু এই ব্যৱসায়ত কোন কোন জড়িত আছে , এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । তিনিচুকীয়া আৰক্ষী অধীক্ষ দেৱজিৎ দেউৰীয়ে প্ৰকাশ কৰা অনুসৰি , বৰ্তমানলৈ জিলাখনত ৩২ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । লগতে অনাগত দিনটো ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষী অধীক্ষ জনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here