হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু চৰকাৰ গাধা হিচাপ

0
6

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু চৰকাৰ গাধা হিচাপ

ৰাতুল বৰা , দেৰগাঁও
বিদ্যালয়ত পঢ়ি থকা সময়ত আমাৰ এগৰাকী শিক্ষকে শ্ৰেণী কোঠাত প্ৰায়েই ৰসাল কাহিনীৰে আমাৰ সকলোৰে মন বিলাক সতেজ কৰি তুলিছিল । শিক্ষা গুৰু গৰাকীয়ে এদিন শ্ৰেণীকোঠাত অৱতাৰণা কৰা এটা কাহিনী মনত পৰিছে । কাহিনী মতে তেতিয়া ৰজাৰ শাসনকাল চলি আছিল । ৰাজসভাত থকা মন্ত্ৰী সকলৰ মাজত এজন বৰ তীক্ষ্ণ বুদ্ধিমত্তাৰ মন্ত্ৰী আছিল । আকাৰৰ ৰাজসভাত থকা ঠিক বীৰবলৰ দৰেই । এবাৰ ৰজাই মন্ত্ৰী জনক এটা দায়িত্ব দিলে । ৰজাই ক’লে যে তেওঁক যি দায়িত্ব দিয়া হৈছে , সেয়া এপষেকৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । মন্ত্ৰী গৰাকীয়ে ক’লে,”এই অভাজনে কি দায়িত্ব পালন কৰিব লাগিব , সেয়া মহাজে বেকত কৰিলেই আমি পালন কৰিবলৈ প্ৰস্তুত ।” মহাৰাজে ক’লে ,” মোৰ ৰাজ্য খনত থকা চৰনীয়া পথাৰত কিমান গৰু চৰে , তাৰ এটা সথিক হিচাপ তুমি কৰি দিব লাগে”। মন্ত্ৰী গৰাকীয়ে ততালিকে শলাগিলে আৰু ক’লে,”সেয়া অতি সোনকালেই সম্পন্ন কৰা হ’ব ।” মহাৰাজে ক’লে,”তুমি এতিয়াৰ পৰাই তোমাৰ কামত হাত দিয়াগৈ ।” মহাৰাজৰ আদেশ পাই মন্ত্ৰী ৰাজ সভাৰ পৰা প্ৰস্থান কৰিলে । ৰাজসভা কামৰ পৰা ছুটি পাই মন্ত্ৰী দুদিন ঘৰতে জিৰণি ল’লে । তাৰ পাছৰ দুদিন জীয়েকৰ ঘৰত আলহী হ’ল । পঞ্চম দিনা ওচৰৰে দুখন মান চৰনীয়া পথাৰ ভ্ৰমণ কৰিলে । ষষ্ঠ দিনা ঘৰতে থাকি কাগজ পত্ৰ কিছুমান লৈ কিবা লিখিলে । সপ্তম দিনা মন্ত্ৰী ৰাজ সভালৈ বুলি বাট ল’লে । ৰাজসভাত মন্ত্ৰী গৰাকীক দেখি মহাৰাজা অলপ খঙ উঠিল । তথাপি ধৈৰ্য ধৰি মহাৰাজে মন্ত্ৰীক সুধিলে, “মন্ত্ৰী, তোমাক যি কামৰ দায়িত্ব দিয়া হৈছিল , সেয়া পালন নকৰি তুমি ৰাজসভাত থকাৰ কৰণ ব্যক্ত কৰিব লাগে ।” মন্ত্ৰী গৰাকীয়ে কৰযোৰ কৰি মহাৰাজক ক’লে, “মহাৰাজে অৰ্পণ কৰা আদেশ অমান্য কৰাৰ ধৃষ্টতা আমাৰ নাই । আমি মহাৰাজৰ আদেশ নটশিৰে পালন কৰিহে ৰাজসভাত ভৰি থোৱাৰ সাহস কৰিছোঁ । মহাৰাজৰ আদেশ পালে আমাৰ ৰাজ্যৰ চৰনীয়া পথাৰত থকা গৰু,গাই,তামুলীৰ হিচাপ দিব পৰা যাব ।” মহাৰাজ আচৰিত হ’ল যদিও হিচাপ দিবৰ বাবে আদেশ দিলে । মহাৰাজৰ আদেশ পাই মন্ত্ৰীয়ে ক’লে,”মহাৰাজ আমাৰ ৰাজ্যৰ চৰনীয়া পথাৰত থকা মুঠ গৰুৰ সংখ্যা হ’ল এক নিযুত পঞ্চাছ হাজাৰ ।” মহাৰাজ আচৰিত হৈ সুধিলে, “তোমাৰ হাতত কাগজ পত্ৰ একো নাই । তুমি এই হিচাপ কেনেকৈ ইমান সোনকালেই সম্পন্ন কৰিব পাৰিবা ?” মন্ত্ৰী গৰাকীয়ে ক’লে,”মহাৰাজ,মই তিনিখন চৰনীয়া পথাৰ ভ্ৰমণ কৰি ৰি পৰিমান পালো , তাৰ গড় উলিয়ায় ১৫০০ পালোঁ । আমাৰ ৰাজ্যৰ চৰনীয়া পথাৰৰ সংখ্যা ৭০০ খন । প্ৰতিখন পথাৰত ১৫০০ কৈ গৰু চৰিলে মুঠ পৰিমাণ ১০৫০০০০ ৰেই হ’ব মহাৰাজ । যদি ৰাজসভাৰ কোনোৱে বিশ্বাস কৰা নাই , তেন্তে নিজে হিচাপ কৰি প্ৰমাণ চাব পাৰে ।” মহাশয়ে কাহিনীৰ শেষত কৈছিল , এয়াই গাধা হিচাপ । কাহিনীটো আজিও মনত আছে । এইবাৰ কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱপৰ নহ’ল । তাকে লৈ বহু বিতৰ্কৰ অন্তত ৰাজ্য চৰকাৰ , অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগতে বহুকেইটা ছাত্ৰ সংগঠনৰ আলোচনা আৰম্ভ হ’ল । সেই মৰ্মে একোখনকৈ উচ্চ স্তৰীয় সমিতি গঠন কৰি সমাধান সুত্ৰ উলিওৱাৰ দায়িত্ব অৰ্পণ কৰা হ’ল । যথেষ্ট গুণী- জ্ঞানী লোকৰে গঠিত সমিতি কেইখনে মুল্যায়ণৰ উপায় হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত নৱম শ্ৰেণীত ছাত্ৰ ছাত্ৰী সকলে লাভ কৰা নম্বৰৰ ৪০ শতাংশ,দশম শ্ৰেণীৰ প্ৰাক-বাছনি পৰীক্ষাত লাভ কৰা নম্বৰৰ ৪০ শতাংশ আৰু শৈক্ষিক পাৰদৰ্শিতাৰ ২০ নম্বৰ মুঠ এশ নম্বৰক আধাৰ হিচাপে লৈ ফলাফল ঘোষণা কৰাৰ বাবে পৰিকল্পনা কৰা হ’ল । সেই মৰ্মে , মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয় সমুহৰ পৰা অনলাইন যোগে নম্বৰ তালিকা প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । এই ক্ষেত্ৰত বিদ্যালয় সমুহৰ কৰনীয় খিনি কৰি দিয়া হ’ল । এই তথ্য সমুহ পৰীক্ষা কৰিবৰ বাবে জিলা পৰ্যায়ত একোখনকৈ সমিতি গঠন কৰা হয় । যত জিলা খনৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক,এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া,মাধ্যমিক শিক্ষা পৰিষদ এগৰাকী সমন্বয়ক আৰু জিলা খনৰ বিশিষ্ট শিক্ষক সকলক দায়িত্ব অৰ্পণ কৰা হয় । এই সকলোবোৰ ঠিকেই আছিল । সকলোৱেই সঠিক ভাৱে মনোনিবেশ কৰি কৰ্ম সম্পাদন কৰিছিল । অৱশ্যে কোনো ঠাইত অনিয়ম হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ কথা সৰ্বজন বিদিত । এই ক্ষেত্ৰত কৰ্তৃপক্ষই কেৱল বিষয়া,শিক্ষক কেইজনক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু যি কেইজন অভিভাৱকে তেওঁলোকৰ সন্তানক মূল্যৰ বিনিময়ত মুল্যায়ণ বিচাৰি এই গৰ্হিত কাৰ্য সম্পন্ন কৰিছিল , তেওঁলোকেও সমানে শাস্তি পালেহে ভবিষ্যতৰ দিনবোৰত এনে ঘটনা ঘটাৰ আশংকা কমিব বুলি আশা কৰিব পাৰি । আৱশ্যক মতে , তেনে অভিভাৱকৰ ফটো ৰাজহুৱাকৈ প্ৰকাশ কৰিলে কাৰো নিশ্চয় আপত্তি নাথাকিব । উচ্চ স্তৰীয় সমিতি কেইখনে মুল্যায়ণৰ বাবে মাধ্যমিক শিক্ষা পৰিষদক বান্ধি দিয়া নিয়মৰ লগতে শেহতীয়াকৈ এটা নিয়ম নিৰ্ধাৰণ কৰা হ’ল যে বিগত তিনিটা বৰ্ষৰ ফলাফলৰ যি কোনো এটা বৰ্ষৰ ফলাফলক লৈ এইবাৰ ফলাফল ঘোষণা কৰা হ’ব । মত দহ শতাংশ ভেৰিয়েশ্বন কৰি’ব পাৰিব।কিন্তু এই সুত্ৰ অবলম্বণ কৰাতো কিমানদুৰ যুক্তিসংগত (?)। এখন বিদ্যালয়ত প্ৰতি বছৰে সমান পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী থকাটো সম্ভৱ হ’ব পাৰে নে ? কোনো বিদ্যালয়তে প্ৰতিবছৰে একে ফলাফল সম্ভৱ নহয় । কোনো বিদ্যালয়ত এই বছৰত ২০ জন ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উৰ্ত্তীণ হ’লে বুলিয়েই পিছৰ বছৰ ১০ জন হ’বও পাৰে । অথবা ৪০ জন হ’বও পাৰে । অন্যহাতে , এই বছৰত ২০ জনৰ ১৫ জনে ডিষ্টিংচন পালে বুলিয়েই পিছৰ বছৰ পাব বুলি কোনো নিশ্চয়তা নাই বা এই বছৰত এজনেও ডিষ্টিংচন নাপালে বুলিয়েই পিছৰ বছৰ এজনেও নাপাব বুলি ধৰি ল’ব নোৱাৰি । কোনো বিদ্যালয়ত কোনো এটা বছৰত মাত্ৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে সাধাৰণ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ পাছত একেখন বিদ্যালয়তে পিছৰ বছৰৰ ফলাফল ঘোষণা হোৱাৰ সময়ত ৰাজ্যৰ প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰা উদাহৰণ নথকা নহয় । অথবা ৪/৫ জনে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ পিছৰ বছৰৰ ফলাফলত প্ৰথম বিভাগ শূণ্য হোৱাৰ উদাহৰণ নথকা নহয় । এই বিষয়বোৰ ভালদৰে চালিজাৰি নাচাই মন্ত্ৰী গৰাকীয়ে কৰা গাধা হিচাপটো শুদ্ধ বুলি গণ্য কৰা হয় , তেন্তে ছাত্ৰ ছাত্ৰী সকলে প্ৰকৃত ন্যায় পোৱাৰ সম্ভাৱনা কম হ’ব বুলি অনুভৱ হয় । কিন্তু মাধ্যমিক শিক্ষা পৰিষদে যি ব্যৱস্থা প্ৰয়োগ কৰিয়েই ফলাফল ঘোষণা নকৰক মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলক প্ৰকৃত ন্যায় দিয়াৰ লগতে হতাশা মুক্ত কৰি ৰাখিবলৈ মাধ্যমিক শিক্ষা পৰিষদ সাজু থাকিব লাগিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here