নগাঁও আৰক্ষীয়ে গাড়ী ভাড়া বাবদ সাত কোটি অনাদায় , প্ৰাপ্য বিচাৰি মুখ্যমন্ত্ৰীৰ সহায়ৰ আবেদন

0
11

নগাঁও আৰক্ষীয়ে গাড়ী ভাড়া বাবদ সাত কোটি অনাদায় , প্ৰাপ্য বিচাৰি মুখ্যমন্ত্ৰীৰ সহায়ৰ আবেদন

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্লাবিতা হাজৰিকা , নগাঁও , ২০ জুলাইঃ বাকীত চলিছে অসম আৰক্ষী ৷ বিশেষকৈ নগাঁও আৰক্ষীয়ে বাকী দিবলৈ আছে প্ৰায় সাত কোটি টকা ৷ উপায়ন্তৰ ভুক্তভোগীয়েহে বাকী পৰিশোধ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাক ৷ অসম আৰক্ষীক গাড়ী ভাড়াত দি এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে একাংশ গাড়ীৰ মালিকে ৷ নগাঁৱত আৰক্ষীক গাড়ী ভাড়াত দিয়া একাংশ গাড়ীৰ মালিকে বিগত প্ৰায় পাঁচ বছৰে নিজৰ প্ৰাপ্য ধন বিচাৰি তাঁতবাটি কৰিব লগীয়া হৈছে ৷ এক সংবাদমেল সম্বোধন কৰি নগাঁৱৰ একাংশ গাড়ীৰ মালিকে নগাঁও জিলাৰ বিভিন্ন থানাত তেওঁলোকে ভাড়ালৈ দিয়া বাহনৰ বিপৰীতে বৃহৎ পৰিমাণৰ ধন অসম আৰক্ষীৰ পৰা পাবলৈ থকা বুলি আক্ষেপ প্ৰকাশ কৰে ৷ নগাঁৱতে গাড়ী ভাৰা বাবদ ২০১৬ চনৰ পৰা অনাদায় হৈ আছে প্ৰায় ৭ কোটি টকা ৷ গাড়ীৰ মালিক সকলে দীৰ্ঘদিন ধৰি অসম আৰক্ষীৰ পৰা গাড়ী ভাড়াৰ ধন লাভ নকৰাত অসুবিধাত পৰিছে ৷ বিশেষকৈ বেংকৰ পৰা ঋণলৈ কিনা বাহনৰ বাবদ মাহেকীয়া কিস্তি , বীমাৰ ধন আদি দিবলৈ বিভিন্ন জনৰ পৰা ধন ধাৰে লৈ গাড়ীৰ মালিক সকল ধৰুৱা হ’ব লগা হোৱা বুলিও সংবাদমেলত মন্তব্য কৰে গাড়ীৰ মালিক সকলে ৷ এনে অৱস্থাত নগাঁও আৰক্ষীক গাড়ী ভাড়াত দি এতিয়া উপায়ন্তৰ হৈ পৰা গাড়ীৰ মালিক সকলে ২০১৬ চনৰ পৰা অনাদায় হৈ থকা বিল সমূহ মোকলাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here