বন বিভাগৰ চৰম গাফিলতিত মোৰাঝাৰ-চৌধুৰীবজাৰ সংযোগী গড়কাপ্তানী পথত বিপদ সংকুল যাত্ৰা

0
19

বন বিভাগৰ চৰম গাফিলতিত মোৰাঝাৰ-চৌধুৰীবজাৰ সংযোগী গড়কাপ্তানী পথত বিপদ সংকুল যাত্ৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা, হবিবুৰ ৰহমান, ২৩ জুনঃ হোজাই জিলাৰ সীমাহীন ব্যস্ততাপূৰ্ণ মোৰাঝাৰ আৰু চৌধুৰী বজাৰ সংযোগী গড়কাপ্তানী পথচোৱা মেৰামতি সম্পূৰ্ণ নহৌতেই পথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃৃশ দ’ গাঁতৰ। উল্লেখযোগ্য যে কিছুমান পূৰ্বে নিবিদা নীতি নিয়ম উলংঘা কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ পুৰণৰ উদ্দেশ্য আব্দুল হাফিজ নামৰ ঠিকাদাৰ জনে নিজ মইমতালিৰে পথটো মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল। ঠিকাদাৰজনে মেৰামতিৰ কাম সম্পূৰ্ণ কৰি থকা অৱস্থাত পথচোৱা মেৰামতিৰ কাম চোৱা-চিতাৰ দায়িত্বত থকা বিভাগীয় বৰমুৰীয়া সকলৰ ৰহস্যজনক ভাৱে দায়িত্বত চৰম গাফিলতিৰ পৰিণতিত অতি কম দিনৰ ভিতৰতে গড়কাপ্তানী বিভাগৰ পথচোৱা ভাঙি বিধ্বস্ত ৰূপ লৈছে। মোৰাঝাৰ চৌধুৰী বজাৰ হৈ কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথচোৱা মেৰামতিৰ বাবে বিভাগে মুকলাই দিয়া বৃহৎ ধন আত্মসাৎ কৰি নিম্ন মানৰ সা-সামগ্ৰী আৰু বিভাগীয় নীতি নিয়ম অমান্য কৰি পথচোৱা মেৰামতি কৰাৰ বাবে অতি কম দিনৰ ভিতৰতে পথচোৱাৰ মাজত সৃষ্টি হয় দ’গাত। মোৰাঝাৰ আৰক্ষী থানাৰ সন্মূখেদি যোৱা পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি বিপদ সংকুল যাতায়ত কৰিছে পথচাৰিয়ে। আনহাতে এই জৰাজীৰ্ণ পথচোৱাৰে দিনে নিশাই অত্যাধিক বালি ভৰ্তি ট্ৰাক, ডাম্পাৰ দ্ৰুত গতিত চলাচল কৰাৰ বাবে উক্ত গড়কাপ্তানী পথচোৱাত সৰ্বসাধাৰণ ৰাইজে চলাচল কৰাত প্ৰাণৰ সংক্ষাত ভুগিছে। বিসংগতি পুৰ্ণ চাইডবামৰ বাবে এজাক বৰষুণ দিয়াৰ পিছত পথচোৱাৰ মাজত থকা খাবৈ সদৃশ গাতত পানী আবদ্ধ হোৱাত এক অস্বাস্থ্যকৰ আৰু দূৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্লোগান দিয়া বিজেপি চৰকাৰখনৰ ৰথি-মহাৰথিসকলৰ পৰা আৰম্ভ কৰি বহু প্ৰশাসনিক বিষয়ায়ো অহা যোৱা কৰে মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী গড়কাপ্তানী পথচোৱাৰে, তথাপিও ৰহস্যজনক বাবে ব্যস্ততাপুৰ্ণ ৰাস্তাটোৰ এই জৰাজীৰ্ণ অংশ আজি লৈকে কাৰো চকুত নপৰাত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া। মোৰাঝাৰ আৰক্ষী চকীৰ সন্মুখেদি চৌধুৰী বজাৰ হৈ চিতলমাৰি যোৱা কাৰ্বি আংলং সংযোগী এই দুৰৱস্থাপুৰ্ণ পথছোৱা পুনৰ মেৰামতিৰ লগতে উক্ত পথচোৱাৰে অত্যধিক বালি ভৰ্তি ট্ৰাক ডাম্পাৰ চলাচল বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা স্থানীয় দ’ল সংঘটনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here