১৯৪১ চনত নিৰ্মিত ডবকাৰ যমুনা নৈৰ দলং জাহ যোৱাৰ উপক্ৰম

0
18

১৯৪১ চনত নিৰ্মিত ডবকাৰ যমুনা নৈৰ দলং জাহ যোৱাৰ উপক্ৰম

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ১৪ জুলাইঃ ১৯৪১ চন ৷ সমগ্ৰ দেশ বৃটিচৰাজৰ অধীন ৷ সেই সময়ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডবকাস্থিত যমুনা নদীৰ ওপৰত ডবকা-হোজাই সংযোগী পথৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা হৈছিল ৷ বৰ্তমান দলংখন ডবকা গড়কাপ্টানী পথ সংমণ্ডলৰ অধীন ৷ সম্প্ৰতি দলংখন নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ ফৰলেনযুক্ত পথ ডবকা চহৰৰ বাহিৰেদি যোৱাত পুৰণি দলংখন অৱহেলিত হৈ পৰিছে ৷ পথৰ গতি সলোৱাত ডবকা চহৰৰ মাজেদি যোৱা দলংখনৰ পুনৰ নিৰ্মাণ বা মেৰামতি আদি নোহোৱাত ক্ৰমাৎ দলংখন নৈৰ খহনীয়াৰ কৱলত পৰাৰ লগতে ব্যাপক অংশ জহি গৈছে ৷ বহু ঠাইত দলংখনৰ চাইড ৰেলিং খহি যোৱাত বাঁহ দি ৰেলিং দিয়া হৈছে ৷ যমুনা নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে জলসম্পদ বিভাগকে ধৰি ডবকা পৌৰসভা, লোক নিৰ্মাণ বিভাগক বাৰম্বাৰ অভিযোগ দি অহাৰ পিছতো কোনো এটা বিভাগে কানসাৰ নিদিয়াত দলংখনৰ ওপৰেদি যাতায়াত ব্যৱস্থা বিপদ সংকুল হৈ পৰিছে ৷ দলংখনৰ ওপৰেদি গধুৰ যান-বাহনৰ চলাচল নকৰিবলৈ হোজাই জিলা প্ৰশাসনে দলঙৰ দুয়োফালে লোহাৰ খুঁটা পুতি থৈ দায়িত্ব সামৰিছে ৷ এই দলংখনৰ মেৰামতি আৰু আনুষংগিক কামৰ বাবে ৰাইজে গড়কাপ্তানী বিভাগক বহুবাৰ আবেদন কৰিও বিফল হৈছে ৷ ডবকা গড়কাপ্তানী পথ সংমণ্ডলৰ অন্তৰ্গত বৃটিচ আমোলত নিৰ্মিত এই পকী দলংখন যমুনা নদীত খহি যোৱাৰ উপক্ৰম হোৱাত নগৰীয়া ৰাইজৰ লগতে ডবকা চহৰৰ সৈতে সংলগ্ন দুয়োপাৰৰ ৰাইজক চিন্তিত কৰি তুলিছে ৷ তাৰ সমানে দলংখনৰ দুয়োপাৰে ব্যাপক অংশ যমুনা নৈৰ খহনীয়াত পৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ডবকা-হোজাই (গড়কাপ্তানী পথ) সংযোগী যমুনা নদীৰ ওপৰত বৃটিচ আমোলত অৰ্থাৎ ১৯৪১ চনত দলংখন নিৰ্মাণ কৰা হৈছিল ৷ ফৰলেনযুক্ত পথ নিৰ্মাণৰ পিছত দলংখনৰ উপযুক্ত মেৰামতি আৰু পুনৰ নিৰ্মাণ নোহোৱাত ক্ৰমাৎ দলংখনৰ যাতায়াত বিপদ সংকুল হৈ পৰে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে ফৰলেনযুক্ত পথ নিৰ্মাণৰ সময়ত গধুৰ যান-বাহনৰ আহ যাহে দলংখনক ব্যাপক ক্ষতি কৰে ৷ ডবকা গড়কাপ্তানী পথ সংমণ্ডলৰ অকৰ্মণ্যতা আৰু জলসম্পদ বিভাগৰ অনীহাৰ বাবে বৃটিচ আমোলত নিৰ্মিত এখন দলং এনেকৈয়ে খহি যোৱাৰ উপক্ৰম হোৱাত ৰাইজে বিভাগ দুটাক গৰিহণা দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here