কভিড কমিলেই বিজেপি বিৰোধী সমাবেশ ঘোষণা মমতাৰ

0
8

কভিড কমিলেই বিজেপি বিৰোধী সমাবেশ ঘোষণা মমতাৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২১ জুলাইঃ কৰোণা ভাইৰাছৰ সংক্ৰমণ কমিলেই বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ লগত লৈ ব্ৰিগেডত সমাবেশ হ’ব বুলি ঘোষণা কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে । বুধবাৰত কালীঘাটৰ বাসভৱনৰ পৰা ভাৰ্চুৱেল বক্তৃতাৰ শেষত এই কথাটো তেওঁ এনেদৰে উল্লেখ কৰে যে ,“কভিড শেষ হৈ পৰিস্থিতি স্বাভাৱিক হ’লে আমি ব্ৰিগেড প্যাৰড গ্ৰাউণ্ডত প্ৰোগ্ৰাম কৰিম । আৰু সেই কাৰ্যসূচীত শৰদ পাওৱাৰজী , চিদম্বৰমজী , ছোনিয়াজী , দ্বিগ্বিজয়জীক আমন্ত্ৰণ জনোৱা হ’ব ।” মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে এই সমাবেশ কৰিব বুলি স্পষ্ট কৰি দিয়ে আৰু লগতে কয় যে ,“এতিয়াও প্ৰায় তিনি বছৰ সময় আছে । কিন্তু ইয়াৰ প্ৰতিটো দিন অতি মূল্যৱান । আহক আমি সকলোৱে জোঁটবন্ধন তৈয়াৰ কৰো আৰু দেশক আগুৱাই লৈ যাওঁ ।” সৰ্বভাৰতীয় নেতা সকলক উদ্যেশ্যি মমতা কয় যে , “মই এজনী ৰাজনৈতিক কৰ্মী আৰু ৰাজনৈতিক কৰ্মী হিচাপে যুদ্ধত আপোনালোকৰ লগত মই থাকিব বিচাৰোঁ । আপোলোকে যি আদেশ বা নিৰ্দেশ দিব , মই সেইমতে কাম কৰিম ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here