পেগাচাছ স্পাইৱেৰ ঘটনাক লৈ সৰৱ কংগ্ৰেছ , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী

0
6

পেগাচাছ স্পাইৱেৰ ঘটনাক লৈ সৰৱ কংগ্ৰেছ , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী

ষ্টাফ ৰিপোৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২০ জুলাই :‘পেগাচাছ’ স্পাইৱেৰ ব্যৱহাৰ কৰি কোনো অচিনাকী সংস্থাই ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণ কৰাৰ অভিযোগক লৈ বৰ্তমান সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ‘পেগাচাছ’ স্পাইৱেৰ বিৰুদ্ধে দেশজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়াৰ লগতে বিষয়টো সংসদত উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা দুটা ম’বাইল ফোন ইজৰাইলী নিৰীক্ষণ প্ৰযুক্তি বিক্ৰেতা এন এছ অ’ গ্ৰুপে লক্ষ্য কৰি লোৱা ৩০০ প্ৰমাণিত ভাৰতীয় নম্বৰৰ ভিতৰত অন্যতম আছিল । কংগ্ৰেছে ৰাজ্যিক দলসমূহক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজভৱনলৈ সমদল উলিওৱাৰ লগতে প্ৰতিখন ৰাজ্যৰ ৰাজধানী চহৰত সংবাদমেল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে । কংগ্ৰেছ দলৰ সাংসদ কে চি বেণুগোপালে সদনত ৰাজ্যসভা বাতিল কৰাৰ লগতে লোকসভা স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে । সোমবাৰে কংগ্ৰেছ দলে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা গৃহমন্ত্ৰী অমিত শ্বাহক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here