বিজেপিৰ অবিচি মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত সন্দৰ্ভত প্ৰস্তুতি সভা

0
7

বিজেপিৰ অবিচি মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত সন্দৰ্ভত প্ৰস্তুতি সভা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী ২১ জুলাইঃ ভাৰতীয় জনতা পাৰ্টি,বৰপেটা জিলা অবিচি মৰ্চাৰ আগন্তুক ২২ জুলাইত হ’বলগীয়া জিলা কাৰ্যনিৰ্বাহক সভাখনৰ বাবে আজি বৰপেটা জিলা বিজেপি কাৰ্যালয়ত অবিচি মৰ্চাৰ এখন আলোচনা সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত ক্ৰমে বৰপেটা জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ফুলেন্দ্ৰ দাস,জিলা সাধাৰণ সম্পাদক তথা অবিচি মৰ্চাৰ প্ৰভাৰী বসন্ত ঠাকুৰীয়া,অবিচি মৰ্চাৰ সভাপতি গিৰীশ নাথ,অবিচি মৰ্চাৰ সম্পাদক ধৰ্মেন্দ্ৰ দাসৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি কাইলৈ অনুষ্ঠিত হ’বলগীয়া অবিচি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন কিদৰে সৌষ্ঠৱপূৰ্ণভাৱে সম্পন্ন কৰিব পাৰি , তাৰ ওপৰত গাম্ভীৰ্যপূৰ্ণ আলোচনা মৰ্মে কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here