বৃহৎ সিদ্ধান্ত বিৰোধীৰঃ সংসদত উত্থাপন কৰিব পেগাচাছৰ প্ৰসংগ

0
7

বৃহৎ সিদ্ধান্ত বিৰোধীৰঃ সংসদত উত্থাপন কৰিব পেগাচাছৰ প্ৰসংগ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২০ জুলাই : পেগাচাছ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্নবাণেৰে থকা সৰকা কৰিবলৈ সাজু হৈছে বিৰোধী দল । কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমে সংসদত পেগাচাছৰ প্ৰসংগ উত্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে । মঙলবাৰে বিৰোধী দলকেইটা এখন বৈঠকতো মিলিত হয় আৰু দুয়োখন সদনতে পেগাচাছৰ বিষয়টো উত্থাপন কৰাৰ সিদ্ধান্ত লয় । আনহাতে , মঙলবাৰে দুপৰীয়া ২ বজাত বিৰোধী দলসমূহ পুনৰ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । মঙলবাৰে সংদসত ক’ভিড-১৯ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বিৰোধী উপস্থিত থাকিব নে নাই , সেই বিষয়ে সিদ্ধান্ত ল’ব এই বৈঠকতে । পেগাচাছ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কেতিয়াবা কংগ্ৰেছৰ দ্বাৰা এনেদৰে চোৰাংচোৱা ব্যৱস্থাৰ ব্যৱহাৰ কৰাৰ বিষয়ে শুনিছে নেকি বুলি প্ৰশ্ন কৰে । এয়া নতুন ভাৰত গঢ়ি তোলাৰ এক কৌশল বুলি প্ৰধানমন্ত্ৰীগৰাকীক কটাক্ষ কৰে অধীৰ ৰঞ্জন চৌধুৰীয়ে । কংগ্ৰেছ দলে সোমবাৰে পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি সাংবাদিকসকলৰ ওপৰত চোৰাংভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ তুলি এই সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছিল । লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰো দাবী জনায় কংগ্ৰেছে । সোমবাৰে সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই অভিযোগ তোলে যে , কংগ্ৰেছ নেতা ৰাহুল গান্ধী , সাংবাদিক আৰু আন কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি বিৰোধী নেতাসকলৰ ওপৰত চোৰাংভাৱে নিৰীক্ষণ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ জড়িত হৈ আছে । তেওঁ কয় যে, এই সন্দৰ্ভত তদন্ত কৰাৰ পূৰ্বে অমিত শ্বাহে পদত্যাগ কৰা উচিত । লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত কৰা উচিত বুলিও মন্তব্য কৰে । তেওঁ লগতে কয় যে , গণতন্ত্ৰৰ ওপৰত বিশ্বাস থাকিলে আৰু সংবিধান অনুসৰি কাম কৰিলেহে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰীৰ আসনৰ বাবে উপযুক্ত হ’ব । ইফালে, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে কয় যে,হোৱাটছএপত পেগাচাছৰ ব্যৱহাৰ সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনত কোনো সত্যতা নাই । তেওঁ লগতে কয় যে , প্ৰতিবেদনখন ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ সু-প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহক অপবাদ জাপি দিয়াৰ এক প্ৰয়াস মাথোঁ । ইতিমধ্যে কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই টুইটযোগে পেগাচাছ সন্দৰ্ভত মোডী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিছে । আনহাতে,যুৱ কংগ্ৰেছেও দেশৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here