আই.চি.চি. টি-২০ বিশ্বকাপত একেটা গ্রুপত খেলিব ভাৰত-পাকিস্তানে

0
7

আই.চি.চি. টি-২০ বিশ্বকাপত একেটা গ্রুপত খেলিব ভাৰত-পাকিস্তানে

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ সেৱা , ১৭ জুলাইঃ চলিত বর্ষৰ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ গ্রুপ পর্যায়তে সমুখ সমৰত নামিব বিশ্ব ক্রিকেটৰ দুই চিৰবৈৰী ভাৰত-পাকিস্তান ৷ আই চি চিয়ে আজি ঘোষণা কৰা মেগা ইভেণ্টখনৰ গ্রুপৰ মেচসমূহৰ সূচী অনুসৰি ভাৰত আৰু পাকিস্তানে গ্রুপ-২ত স্থান লাভ কৰিছে ৷ এই গ্রুপৰ আন দুটা দল হ’ল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী নিউজিলেণ্ড আৰু তুলনামূলকভাৱে দুর্বল দল আফগানিস্তান ৷ মহামাৰী ক’ভিড-১৯ ৰ প্রাদুর্ভাৱৰ বাবে ভাৰতৰ পৰা ইউ এ ই আৰু ওমানলৈ স্থানান্তৰিত হোৱা টি-২০ বিশ্বকাপৰ গ্রুপ ১ ত স্থান লাভ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ , প্রাক্তন চেম্পিয়ন ইংলেণ্ড, অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকা ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলে প্রকাশ কৰা অনুসৰি এই ৮ টা দলে কোৱালিফায়াৰ শ্রীলংকা আৰু বাংলাদেশৰ সৈতে প্রথম ৰাউণ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৷ আন ছটা দলে আই চি চি টি-২০ বিশ্বকাপ কোৱালিফায়াৰ ২০১৯ ৰ জৰিয়তে মেগা ইভেণ্টখনলৈ যোগ্যতা অর্জন কৰিছে ৷ এই অনুসৰি গ্রুপ ‘এ’ত আয়াৰলেণ্ড , নেদাৰলেণ্ডছ আৰু নামিবিয়াই শ্রীলংকাৰ বিৰুদ্ধে খেলিব ৷ একেদৰে,গ্রুপ ‘বি’ত ওমান , পি এন জি আৰু স্কটলেণ্ডে বাংলাদেশৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব ৷ ‘গ্রুপ পর্যায়ত কেইবাখনো আকর্ষণীয় মেচ খেলোৱা হ’ব ৷ এই মেচসমূহে ক্রিকেট অনুৰাগীক আমোদ দিব বুলি আমি আশাবাদী ৷ মহামাৰী ক’ভিড ১৯ ৰ ভয়াৱহতাৰ পিছত এয়া হ’ব বিশ্বত অনুষ্ঠিত প্রথমখন আগশাৰীৰ ক্রিকেট প্রতিযোগিতা ৷ খেলুৱৈ তথা বিষয়ববীয়াৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰি প্রতিযোগিতাখন আমি সুকলমে আয়োজন কৰিবলৈ প্রতিশ্রুতিবদ্ধ’ ৷ আই চি চিৰ ভাৰপ্রাপ্ত মুখ্য কার্যবাহী বিষয়া জি’ফ এলাৰডাইচে এইদৰে কয় ৷ মন কৰিবলগীয়া যে , টি-২০ বিশ্বকাপৰ প্রস্তুতিৰ বুজ ল’বলৈ বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ ডুবাইত উপস্থিত হোৱাৰ কেইঘণ্টামানৰ পিছতে আই চি চিয়ে আজি মেগা ইভেণ্টখনৰ সূচী ঘোষণা কৰে ৷ ২০১৬ ৰ পিছত এয়া হ’ব প্রথমখন টি-২০ বিশ্বকাপ ৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here