কঠোৰ ক’ভিড প্রট’কল মানি মক্কাত উপস্থিত হজযাত্রী

0
8

কঠোৰ ক’ভিড প্রট’কল মানি মক্কাত উপস্থিত হজযাত্রী

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ সেৱা , ১৯ জুলাইঃ ছৌদি আৰবৰ মক্কাত উপস্থিত হৈছে হজ যাত্রীসকল ৷ দেশখনে এইবাৰ সম্পূর্ণৰূপে ক’ভিড ভেকচিন লোৱা মাত্র ৬০ হাজাৰ স্থানীয় বাসিন্দাকহে হজত অংশগ্রহণ কৰাৰ অনুমতি প্রদান কৰিছে ৷ লক্ষণীয়ভাৱে যোৱা বছৰ কঠোৰ ক’ভিড প্রট’কল মানি ৫ দিনীয়া এই ধর্মীয় উৎসৱ আয়োজন কৰিছিল ছৌদি আৰবে ৷ হজত অংশগ্রহণ কৰা কোনো এগৰাকী লোক ক’ভিডত আক্রান্ত নাছিল ৷ যোৱা বছৰৰ সফলতাৰ পুনৰাবৃত্তি বিচাৰিছে দেশখনৰ চৰকাৰে ৷ ইছলামৰ পৱিত্র স্থান মক্কাত হজত অংশগ্রহণ কৰিবলৈ উপস্থিত হোৱা প্রতিগৰাকী তীর্থযাত্রীৰ মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰিছে চৰকাৰে ৷ তীর্থযাত্রীসকলে হজত অংশগ্রহণ কৰিবলৈ আহি অতি সুখী বুলি সংবাদ মাধ্যমক জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here