চীনত কৃত্ৰিম বান, নিহত ১২

0
14

চীনত কৃত্ৰিম বান, নিহত ১২

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২১ জুলাই : প্ৰবল বৃষ্টিপাতৰ বাবে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মধ্য চীনত । হেনান প্ৰদেশত এতিয়ালৈকে ১২ জনকৈ লোকৰ মৃত্যু হৈছে । নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হৈছে মধ্য চীনৰ হেনান প্ৰদেশত । বুধবাৰে চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, ইতিমধ্যে প্ৰায় এক লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে । হেনান প্ৰাদেশিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ঝেংঝৌত মঙলবাৰে আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰতি ঘণ্টাত ২০১.৯ মি. মি পৰ্যন্ত বৰষুণ হৈছিল । মধ্য চীনত ধাৰাসাৰ বৃষ্টিপাতৰ বাবে কৃত্ৰিম বানছিনহুয়া সংবাদ গোষ্ঠীয়ে জনোৱা মতে, ঝেংঝৌৰ ডাউনটাউন এলেকাত মঙলবাৰে ২৪ ঘণ্টাৰ ভিতৰত গড়ে ৪৫৭.৫ মিমি বৰষুণ হয় আৰু বছৰটোৰ ভিতৰতে দৈনিক বৰষুণ হোৱাৰ ক্ষেত্ৰত এয়াই সৰ্বাধিক মাত্ৰা । হেনান প্ৰদেশ হৈছে বহু সাংস্কৃতিক স্থানৰ কেন্দ্ৰ আৰু উদ্যোগ আৰু কৃষিৰ বাবে মুখ্য স্থল । বৌদ্ধ ভিক্ষুসকলৰ সমৰ কলাৰ নিপুণতাৰ বাবে জনাজাত শ্বাওলিন মন্দিৰো কৃত্ৰিম বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । চহৰখনৰ পথবোৰত পানী জমা হোৱাৰ বাবে যাতায়াত অচল হৈ পৰিছে । ৮০ খনতকৈও অধিক বাছৰ যাত্ৰা স্থগিত কৰা হৈছে । চাবৱে সেৱাও স্তব্ধ হৈ পৰিছে । চহৰখনৰ ৫ নং ৰে’ল লাইনৰ সুৰংগত বৰষুণৰ পানী ভৰি পৰাত ৰে’লৰ ভিতৰতে বহু যাত্ৰী আৱদ্ধ হৈ পৰে । স্থানীয় উপ-জিলা আৰক্ষী বিষয়া, অগ্নিনিৰ্বাপক বাহিনী আৰু আন উদ্ধাৰকাৰী দল উদ্ধাৰ অভিযানৰ বাবে বৰ্তমান সেই স্থানত উপস্থিত হৈছে । আনহাতে , ৰে’লৰ ভিতৰত পানী সোমোৱাৰ বাবে যাত্ৰীসকল আতংকিত হৈ পৰিছে । মধ্য চীনত ধাৰাসাৰ বৃষ্টিপাতৰ বাবে কৃত্ৰিম বানঝেংঝৌডং ৰে’ল ষ্টেচনত ১৬০ খনতকৈও অধিক ৰে’লৰ যাত্ৰা বতিল কৰা হয় । ঝেংঝৌৰ বিমানবন্দৰ কৰ্তৃপক্ষই ২৬০ খন বিমান বাতিল কৰে । স্থানীয় ৰে’ল কৰ্তৃপক্ষয়ো কিছু সংখ্যক ৰে’ল ঠায়ে ঠায়ে ৰখাই থয় । ফলত যাত্ৰা আৰম্ভ কৰাত পলম হয় । চহৰখনৰ কেইবাটাও আৱাসিক অঞ্চলত পানী যোগান আৰু বিদ্যুতৰ যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । হেনান প্ৰাদেশিক আৰু ঝেংঝৌ পৌৰ বতৰ বিজ্ঞান ব্যুৰোই বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী কৰিছে । বুধবাৰে নিশা পৰ্যন্ত হেনানত ধাৰাসাৰ বৰষুণ হোৱাৰ আশা কৰা হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here