বিশ্বত অভিলেখ সৃষ্টি এগৰাকী মহিলাৰ , এবাৰতে জন্ম দিলে ১০ টা শিশু

0
5

বিশ্বত অভিলেখ সৃষ্টি এগৰাকী মহিলাৰ , এবাৰতে জন্ম দিলে ১০ টা শিশু

ষ্টাফ ৰিপ’ৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ সেৱা, ১০ জুনঃ দক্ষিণ আফ্রিকাত এগৰাকী মহিলাই এবাৰতে ১০ টা শিশু জন্ম দি অভিলেখ সৃষ্টি কৰিছে ৷ ৩৭ বছৰীয়া এই মহিলাগৰাকীয়ে এবাৰতে জন্ম দিছে তিনি কন্যা আৰু ৭ পুত্রক ৷ জন্মৰ পিছত আটাইকেইটা শিশুৱেই সুস্থ বুলি চিকিৎসকে ঘোষণা কৰিছে ৷ গছিয়ামে থামাৰা ছিথল নামৰ মহিলাগৰাকীয়ে একেলগে ১০ টা শিশু জন্ম দিয়াৰ পিছত বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোক লৈ ব্যাপক চর্চা চলিছে ৷ ইফালে,চিকিৎসক সকলৰ মাজতো ইয়াক লৈ সৃষ্টি হৈছে আলোড়ন ৷ ছবছৰ পূর্বে যমজ সন্তান জন্ম দিছিল ছিথলে ৷ ছিজাৰিয়ান পদ্ধতিৰে চিকিৎসকে ছিথলৰ এই ১০ টা শিশুৰ প্রসৱ কৰায় ৷ ছিথলৰ ১০ টা শিশুকে নিৰাপদে প্রসৱ কৰোৱা হয় প্রিট’ৰিয়াৰ এখন হাস্পতালত ৷ লক্ষণীয়ভাৱে চিকিৎসকে ছিজাৰিয়ান পদ্ধতিৰে এই শিশুকেইটিক প্রসৱ কৰোৱাৰ সময়ত হাস্পতালতৰ স্বাস্থ্যকর্মীসকলৰ মাজত বিষয়টোক লৈ সৃষ্টি হয় তীব্র কৌতূহলৰ ৷ ছিথলৰ টেব’হো ছটেটচিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি , একেলগে এই ১০ টি শিশুৰ পিতৃ হৈ তেওঁ অত্যন্ত সুখী ৷ উল্লেখ্য যে , সাত মাহ সাত দিনৰ গর্ভৱতী অৱস্থাতেই চিকিৎসকে ছিজাৰিয়ান পদ্ধতিৰে ছিথলৰ সন্তান প্রসৱ কৰায় যোৱা ৭ নৱেম্বৰত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here