ৰ’নাল্ডোৰ বাবেই লোকচানৰ সন্মুখীন কোকা কোলাত

0
9

ৰ’নাল্ডোৰ বাবেই লোকচানৰ সন্মুখীন কোকা কোলাত

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ সেৱা, ১৭ জুনঃ পর্তুগাল ফুটবল দলটোৰ অধিনায়ক ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ মাত্র দুটা শব্দত ৩০ হাজাৰ কোটি টকাৰ লোকচান হ’ল শীতল পানীয় নির্মাতা কোম্পানী কোকা কোলাৰ ৷ পর্তুগালে হাংগেৰীৰ বিপক্ষে ইউৰো কাপত মুখামুখি হোৱাৰ পূর্বে আয়োজিত এক সংবাদ মেলত অংশগ্রহণ কৰাৰ সময়ত পর্তুগালৰ অধিনায়ক ৰ’নাল্ডোৱে তেওঁৰ সন্মুখত টেবুলত ৰখা কোকা কোলাৰ দুটা বটল আঁতৰাইছিল আৰু হাতত পানীৰ বটল লৈ সংবাদ মেলখনত উপস্থিত থকা সকলোকে কৈছিল-ড্রিংক ৱাটাৰ ৷ ৰ’নাল্ডোৰ এই ঘটনাটো ক্ষন্তেক সময়ৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু ইয়াক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়ায় ৷ সংবাদ মেলখনত ৰ’নাল্ডোৱে ক’ল্ড ড্রিংকছৰ সলনি পানী সেৱন কৰিবলৈ কোৱাৰ পিছতে শ্বেয়াৰ মার্কেটতো খলকনিৰ সৃষ্টি হয় ৷ ৰ’নাল্ডোৰ ড্রিংক ৱাটাৰ শব্দটোৱে কোকা কোলাৰ ৩০ হাজাৰ কোটি টকাৰ লোকচান কৰাৰ লগতে শ্বেয়াৰ মার্কেটত কোম্পানীটোৰ শ্বেয়াৰ ১.৬ শতাংশলৈ হ্রাস পায় ৷ উল্লেখ্য যে , চলিত ইউৰো কাপৰ কোকা কোলা হ’ল অফিচিয়েল স্প’নছৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here