ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি , আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

0
16

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি , আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২০ জুলাই : মিত্ৰশক্তিৰ সৈতে মিলি অতি শীঘ্ৰেই চীনে চলাই থকা ক্ষতিকাৰক চাইবাৰ কাৰ্যকলাপ উদঙাবৰ বাবে সাজু হৈছে সংযুক্ত ৰাষ্ট্ৰ ৷ মিত্ৰশক্তিৰ সৈতে মিলি চীনৰ প্ৰকৃত স্বৰূপ উদঙোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবেও সংযুক্ত ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিব ৷ দেওবাৰে (স্থানীয় সময় অনুসৰি) এক বিবৃতিত প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে কয় যে , সংযুক্ত ৰাষ্ট্ৰ আৰু মিত্ৰশক্তিৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত ৰাষ্ট্ৰ,মিত্ৰশক্তি আৰু ইয়াৰ অংশীদাৰসকলে চীনৰ ক্ষতিকাৰক চাইবাৰ কাৰ্যকলাপৰ আৰ্হিৰ অধিক বিৱৰণ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা সাত বজাত(স্থানীয় সময় অনুসৰি)কৰা ঘোষণাটোত মূলতঃ তিনিটা বিষয় থাকিব ৷ ইয়াৰ ভিতৰত মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ এটা গোট তথা ইউৰোপীয় ইউনিয়ন,ইউনাইটেড কিংডম,অষ্ট্ৰেলিয়া,কানাডা, নিউজিলেণ্ড, জাপান আৰু নাটোৱে চীনৰ ৰাজ্যিক সুৰক্ষা মন্ত্ৰালয়ৰ ক্ষতিকাৰক চাইবাৰ কাৰ্যকলাপ উদঙোৱাত সংযুক্ত ৰাষ্ট্ৰক সহযোগ কৰিব ৷ উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে নাটোৱে চীনৰ কাৰ্যকলাপক গৰিহণা দিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here