গোলাঘাটৰ মৰঙিত ভয়ংকৰ পথ দুৰ্ঘটনা

0
22

গোলাঘাটৰ মৰঙিত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৩ মে’ : মৰঙিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নুমলীগড়ৰ পৰা গোলাঘাট অভিমুখে গৈ থকা বালিভৰ্তি ডাম্পাৰৰ চকা ফুটাৰ ফলত পথৰ কাষৰ গছ মহতিয়াই পুখুৰীত সোমাই পৰে AS 05 C 8639 নম্বৰৰ ডাম্পাৰখন ৷ ডাম্পাৰখনৰ চালক সহ তিনিজনক বালিৰে চালকৰ কেবিন হেচা খোৱাৰ ফলত ভিতৰতে সোমাই পৰে ৷ স্থানীয় ৰাইজে তিনিওকে উদ্ধাৰ কৰি সংকট জনক অবস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here