অবৈধভাৱে বালি কঢ়িয়াই হোজাই জিলাৰ ৰাস্তাঘাট বিধ্বস্ত কৰি পেলাইছে বালি মাফিয়াই

0
7

অবৈধভাৱে বালি কঢ়িয়াই হোজাই জিলাৰ ৰাস্তাঘাট বিধ্বস্ত কৰি পেলাইছে বালি মাফিয়াই


নিউজ ডেক্স, ৯ মেঃ হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত পশ্চিম মৌডংগা আৰু কৃষিপাম নিগমেদি বৈ যোৱা যমুনা নদীৰ পৰা দিনে নিশাই মেচিনেৰে অবৈধ বালি ঘাটৰ পৰা বালি উলিয়াই ৰমৰমীয়া ব্যৱসায় চলাই আদৰ্শ গাওঁৰ পকী ৰাস্তা বিধ্বস্ত কৰাৰ ওপৰিও এটা পঞ্চায়ত ৰাস্তা বিধ্বস্ত কৰি পেলাইছে। ৰাস্তা নষ্ট কৰাৰ কাৰণে অঞ্চলটোৰ ৰাইজৰ ভীষণ অসুবিধা হৈছে ।

অভিযোগ মতে , বন বিভাগক মেনেজ কৰি অবৈধ বালি ঘাটখন চলাই আছে । বৃহত্তৰ এটা অঞ্চলৰ ছাত্র ছাত্ৰী উচ্চ শিক্ষাৰ বাবে এইটো ৰাস্তাইদি শিক্ষানুষ্টানলৈ অহা যোৱা কৰে । কিন্তু ৰাস্তাৰ দুৰৱস্থাৰ বাবে আজমা নগৰত আহি কাপোৰ সলনি কৰিবলগীয়া হয় । স্থানীয় সচেতন ৰাইজে অবৈধ বালি ব্যৱসায়ীৰ বিৰুদ্ধে মাত মাতিলে বালি মাফিয়াই হত্যাৰ ভাবুকি দিয়ে । ইফালে , জৰুৰীকালীন চিকিৎসাৰ বাবে অহা এম্বুলেস্ন আহি উভতি যাবলৈ বাধ্য হৈছে ৰাস্তাৰ দুৰৱস্থাৰ বাবে । আজমা ৰেডিয়েণ্ট চচাইটি নামৰ বেচৰকাৰী সংস্থা এটাই হোজাই জিলাৰ বন বিভাগত দাখিল কৰা আৰ টি আইৰ আবেদনৰ উত্তৰত বনবিভাগে জনায় যে উক্ত অঞ্চলত বৈধ কোনো মহল নাই । উক্ত অবৈধ ঘাটক কেন্দ্ৰ কৰি কেবাবাৰো স্থানীয় ৰাইজ আৰু বালি মাফিয়াৰ মাজত সংঘাত হৈছিল যদিও ৰহস্যজনকভাৱে প্ৰশাসনে বালি ঘাটখন বন্ধ কৰাৰ কোনো পদক্ষেপ নললে । হোজাই জিলাৰ ডিএফ অ, যমুনা ভেলীৰ ৰেঞ্ছাৰ সকলো কে স্থানীয় ৰাইজে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা নোলোৱাৰ আৰত বালি মাফিয়াই লাখ লাখ টকা বন বিভাগক দিয়াৰ অভিযোগটো সত্য বুলি প্ৰমাণিত কৰে ।

হোজাই জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্থানীয় ৰাইজে গোহাৰী জনাইছে যাতে অবৈধ বালি ঘাটখন বন্ধ কৰি ৰাস্তাটো সুৰক্ষা দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here