অবৈধ কাঠ ভৰ্তি টাটা মেজিক জব্দ

0
16

অবৈধ কাঠ ভৰ্তি টাটা মেজিক জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছাদিকুজ জামান , মোৰাঝাৰ , ৭ মেঃ হোজাইৰ মোৰাঝাৰৰ দেৱস্থান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কালি নিশা গোপন সুত্ৰৰ পম খেদি দেৱস্থানৰ পৰা AS02E3468 নম্বৰৰ অবৈধ কাঠ ভৰ্তি টাটা মেজিক জব্দ কৰে ৷ জব্দ কৰা গাড়ী খনত বহু পৰিমানৰ মূল্যমান কাঠ আছিল ৷ বন বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ যোগ্য যে , হোজাই আৰু কাৰ্বি আংলং সীমান্তত অবৈধ কাঠফলা মিল স্থাপন কৰি দীৰ্ঘদিন ধৰি বনধংস অভিযান চলাই গৈছে চোৰাং ব্যৱসায়ীয়ে ৷

হাৱাইপুৰ ৰেল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছাদিকুজ জামান , মোৰাঝাৰ, ৭ মেঃ হোজাই জিলাৰ হাৱাইপুৰ আৰু লংকা ৰেল ষ্টেচনৰ মাজৰ ৰেল পথত আজি পুৱতি নিশা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি হৈছে চাঞ্চল্যৰ । জানিব পৰা মতে , ষ্টেছন দুটাৰ মাজৰ ১৬১ নং ৰেলৱে কিলোমিটাৰৰ ৰেল পথত অচিনাক্ত মৃতদেহ পৰি থকাৰ খবৰ পাই ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ লংকাৰ ৰেল আৰক্ষীয়ে । সেই মতে , আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰুনোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে । ইপিনে , আনুমানিক ৩৬ বছৰীয়া মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ নোহোৱাত পৰিচয় উদ্ধাৰৰ উদ্দেশ্য মৃতদেহটো নগাঁওৰ মৰ্গত ৭২ ঘণ্টা ৰখা হব বুলি ৰেল আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here