আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি মানকাচৰত চি আৰ পি এফ শিবিৰত যোগাসন

0
10

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি মানকাচৰত চি আৰ পি এফ শিবিৰত যোগাসন

দুৰ্নীতিৰ দৰ্পণ , নিউজ ব্যুৰো , মানকাচৰ , ২১ জুন : মানকাচৰত চি আৰ পি এফৰ শিৱিৰত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । পুৱাই এ/ ৪৮ নং চি আৰ পি এফ বেটালিয়নৰ জোৱান সকলে সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি উদযাপন কৰে যোগ দিৱসটি । এটা সুস্থ মন আৰু নিৰোগী শৰীৰৰ মুলমন্ত্ৰ হিচাপে লৈ সপ্তমতম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটিক লৈ চি আৰ পি এফৰ জোৱান সকলৰ মাজত ব্যাপক উৎসাহ দেখা যায় । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত আইন শৃংখলা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চি আৰ পি এফ জোৱান সকলে অগ্ৰণী ভূমিকা পালন কৰি আহিছে । গতিকে , শাৰীৰিক ভাবে সুস্থ আৰু নিৰোগী হৈ থাকিব যোগাসন অতীব প্ৰয়োজন । যাৰ প্ৰতিদিনে শাৰীৰিক কছৰৎ কৰাৰ লগতে যোগাসন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব লৈ সক্ষম হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here