উচ্ছেদৰ বিৰোধীতাৰে মোৰাঝাৰত চি পি আই এমৰ প্ৰতিবাদ

0
9

উচ্ছেদৰ বিৰোধীতাৰে মোৰাঝাৰত চি পি আই এমৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নীলবাগান , ১০ জুনঃ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰে চি.পি.আই(এম)য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে হোজাইৰ মোৰাঝাৰতো চি.পি.আই(এম) পশ্চিম মোৰাঝাৰ আঞ্চলিক সমিতিয়ে মোৰাঝাৰ বজাৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কভিড প্ৰটকল মানি চি.পি.আই (এম)ৰ সদস্য সকলে হাতে হাতে ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সাম্প্ৰদায়িক উচ্ছেদ অভিযান বন্ধ কৰক , বিজেপি চৰকাৰ হায়,হায় , ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বিজেপি চৰকাৰে উচ্ছেদ কিয় কৰিছে , জবাব লাগে , জবাব দিয়ক ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত চি.পি.আই.এমৰ মোৰাঝাৰ আঞ্চলিক সমিতিৰ নেতা ফৰিজ উদ্দিন , হোচন আহমেদসহ কেইবাজনো কৰ্মী উপস্থিত থাকে । শেহতীয়া হোজাইৰ কাকীত চলোৱা উচ্ছেদৰো বিৰোধিতা কৰি এয়া অমানৱীয় বুলি আখ্যা দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here