উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ বোকাখাত মহকুমাৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা

0
18

উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ বোকাখাত মহকুমাৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা

আগন্তক ১০ দিনলৈ প্ৰশাসন আৰু আৰক্ষী বিভাগক ক’ভিড নীতি-নির্দেশনা ভংগকাৰীৰ ক্ষেত্ৰত কঠোৰ হবলৈ নিৰ্দেশ

বোকাখাতৰ পৰা পলিমা বি চেতিয়া,১০ জুলাইঃ অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নির্দেশ মর্মে ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ তিনিদিনীয়া ভ্রমণ সূচীৰে গোলাঘাট জিলালৈ অহা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন আদি বিভাগৰ মাননীয় মন্ত্রী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰী দেৱৰ উপস্থিতিত আজি বোকাখাত মহকুমাৰ কোভিড পৰিস্থিতি সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এই পৰ্যালোচনা সভাত কৃষি, পশু পালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্রীযুত অতুল বৰা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গৈয়েল, গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, মহকুমাধিপতি বিপুল দাস, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ লগতে মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য-কাৰিকৰী বিভাগ, খণ্ড-উন্নয়ন বিভাগ তথা পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ বিষয়াসকল উপস্থিত থাকে। আজিৰ সভাত উদ্যোগ মন্ত্রীগৰাকীয়ে বোকাখাত মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ লগতে গ্রামাঞ্চল আৰু চাহ বাগিচা সমূহত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰসমূহত ভর্তি হৈ থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ লগতে মহকুমা চিকিৎসালয়ত অক্সিজেন পর্যাপ্ত পৰিমাণে আছে নে নাই সেই বিষয়েও বুজ লয়।মহকুমাটোৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত ক’ভিড পৰীক্ষণ কৰাৰ লগতে ক’ভিড প্রতিষেধক প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ প্রশাসনক নির্দেশ দিয়ে। এই ক্ষেত্ৰত অগ্রাধিকাৰ ভিত্তিত বোকাখাত মহকুমাত পর্যাপ্ত পৰিমাণৰ টেষ্টিং কিট আৰু ভেকচিন যোগান ধৰিবলৈ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব গৰাকীক নির্দেশ দিয়ে। চাহ বাগিচাসমূহৰ ক’ভিড পৰিস্থিতিৰ ওপৰতো আজিৰ সভাত বিশেষভাবে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে আগন্তুক ১০ দিনৰ বাবে প্ৰশাসন আৰু আৰক্ষী বিভাগক মহকুমাটোত ক’ভিড নীতি-নির্দেশনা কঠোৰ ভাবে বলৱৎ কৰিবলৈ আহ্বান জনায়। সেই অনুসৰি আজি বোকাখাত মহকুমাত চি আৰ পি এফৰ সহযোগিতাত আৰক্ষীৰ দ্বাৰা টহল দিয়াৰ ব্যৱস্থা কৰা হয়। আজিৰ সভাত মন্ত্ৰী শ্ৰী পাটোৱাৰীয়ে মহকুমাটোত অবৈধ সুৰা তথা চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণভাৱে উচ্ছেদ কৰিবলৈ আৰক্ষী বিভাগক নির্দেশ দিয়ে। গেলামালৰ দোকানসমূহৰ কৰ্মচাৰীৰ ক’ভিড টেষ্ট কৰোৱাৰ লগতে কোনো ব্যৱসায়িক প্রতিষ্ঠানে যদি কোভিড নির্দেশনা উলংঘা কৰে তেনে প্রতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈকো প্ৰশাসনক মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। মাইক্র কণটেইনমেণ্ট জ’নসমূহৰ লগতে আন ৰাজহুৱা স্থানসমূহত চেনিটাইজেচনৰ ব্যৱস্থা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নির্দেশ দিয়ে। আজিৰ সভাত মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলালৈ ১০ খন এম্বুলেন্স দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে পর্যাপ্ত পৰিমাণৰ অক্সিজেন উপলব্ধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হব বুলিও উল্লেখ কৰে। ক’ভিড-১৯ৰ সমান্তৰালকৈ জাপানীজ এনকেফ্লাইটিচ আৰু মেলেৰিয়াৰ সন্দৰ্ভতো স্বাস্থ্য বিভাগক সচেতন হৈ থাকিবলৈ আহ্বান জনায়। সম্ভাব্য এলেকা সমূহত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। আজিৰ সভাত কৃষি মন্ত্ৰী অতুল বৰাই ক’ভিড-১৯ সন্দৰ্ভত ৰাইজক আৰু অধিক সজাগ হবলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষী-প্ৰশাসনক ক’ভিড-১৯ ৰ নীতি-নির্দেশনা ভংগকাৰীৰ ক্ষেত্ৰত অধিক কঠোৰ হবলৈ আহ্বান জনায়। হ’ম আইচলেচন থকা আৰু মাইক্রকনটেইনমেণ্ট জ’নৰ পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰীৰ লগতে যাৱতীয় সামগ্ৰীৰ যোগান ধৰিবলৈ কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰশাসনক নির্দেশ দিয়ে। আনহাতে মহকুমাটোত ক’ভিড পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্থানীয় সকলো দল সংগঠনৰ সহযোগিতাও কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here