উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক বিদায় বজালী জিলা প্ৰশাসনৰ

0
11

উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক বিদায় বজালী জিলা প্ৰশাসনৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ , ৯ জুনঃ বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক বজালীৰ পৰা স-সন্মানেৰে বিদায় জনোৱা হয় । অসম চৰকাৰে গোলাঘাট জিলাৰ উপায়ুক্ত ৰূপে বদলি কৰাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত বৰুৱাক আজি বজালী জিলাৰ প্ৰশাসনীয় বিষয়াসকলে বিদায় সম্ভাষণ জনোৱাৰ লগতে তেওঁৰ কৰ্ম-দক্ষতাৰ শলাগ লয় । উল্লেখযোগ্য যে,এগৰাকী কৰ্ম তৎপৰ আৰু দক্ষ বিষয়া ৰূপে সমগ্ৰ বজালী জিলাত নিজস্ব ভাৱমূৰ্তি পৰিচ্ছন্নভাৱে উন্মোচন কৰি কম সময়ৰ ভিতৰত তেওঁ সকলোৰে প্ৰিয়ভাজন হৈছিল । এগৰাকী সু-নিপুণ ব্যক্তিৰূপে বিষয়াৰ আসনত আসীন হৈ থাকিও তেওঁ সামাজিক দায়বদ্ধতাৰ নিদৰ্শন তুলি ধৰিছিল । জিলা প্ৰশাসনে আয়োজন কৰা বিদায় সভাত উপায়ুক্ত গৰাকীয়ে বজালীৰ মধূৰ পৰিৱেশ,সহকৰ্মী সতীৰ্থ সকলৰ পৰা পোৱা শ্ৰদ্ধা আৰু বজালীৰ জনসাধাৰণৰ পৰা পোৱা আত্মীয়তাৰ সাধুবাদকো ৰোমন্থন কৰে । আনহাতে . বিষয়া সকলেও উপায়ুক্ত গৰাকীৰ লগত কাম কৰি পোৱা আনন্দৰ অনুভৱক আবেগেৰে ব্যক্ত কৰে।আজিৰ এই বিদায় সভাত অতিৰিক্ত উপায়ুক্ত মনোজ্যোতি কুটুম , ধ্ৰুৱজ্যোতি দেৱ,দণ্ডাধীশ মিথিংগা দৈমাৰী,আয়াজ টনবীৰ আলম , হিমাদ্ৰী শেখৰ বৰদলৈ,হেমাশ্ৰী খনিকৰ,দিৱস বৰদলৈ,কাকুমনি শইকীয়া,সংঘমিত্ৰা ভাগৱতী,জোনালী ৰাভা আৰু পাৰ্থ প্ৰতীম চোধুৰী উপস্থিত থাকে। আন এক উল্লেখ্য যে,বজালীৰ উপায়ুক্ত হিচাপে স্থলাভিষিক্ত হ’ব ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here