“উৎকৰ্ষ”-বৰপেটা জিলাৰ শৈক্ষিক ক্ষেত্ৰত নতুন উদ্ভাৱনী প্ৰকল্প উদ্বোধন , অন লাইন পাঠদান আৰু বিকল্প ব্যৱস্থাৰ অভিলাষী প্ৰস্তুতি

0
8

“উৎকৰ্ষ”-বৰপেটা জিলাৰ শৈক্ষিক ক্ষেত্ৰত নতুন উদ্ভাৱনী প্ৰকল্প উদ্বোধন , অন লাইন পাঠদান আৰু বিকল্প ব্যৱস্থাৰ অভিলাষী প্ৰস্তুতি

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১৬ জুলাইঃ ৰাজ্যত কৰোনা মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বিদ্যালয় সমূহ বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰী সকল সন্মূখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা অভিযানৰ যৌথ উদ্যোগত এক নতুন উদ্ভাৱনী মূলক প্ৰকল্প প্ৰস্তুত কৰি উলিওৱা হৈছে । “উৎকৰ্ষ” নামৰ এই প্ৰকল্পটোৰ দ্বাৰা শিক্ষক সকলক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিভিন্ন মোবাইল অপৰ জৰিয়তে অ’ন লাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে । আজি হাউলীৰ শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানত আয়োজিত এটি অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই প্ৰকল্পটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে , এই দুৰ্যোগপূৰ্ণ জটিল সময়ত বিজ্ঞান সন্মতভাবে আৰু পৰিশীলিত ৰূপত ৰাইজৰ মাজলৈ লৈ যোৱাটো অতি বাঞ্চনীয় আৰু শিক্ষা বিভাগৰ দায়িত্ব‌ও । তেওঁ স্মাৰ্টফোনৰ সুবিধা নথকা ছাত্ৰ-ছাত্ৰী সকলক পাঠদানৰ সুবিধা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সভাত ভাষণ দি শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত‌ই কয় যে , যিহেতু লক ডাউন জনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়া ঘৰখনেই শিক্ষানুষ্ঠান হৈ পৰিছে,সেয়েহে এই‌ “উৎকৰ্ষ” অনুষ্ঠানে অ’ন লাইন মাধ্যমেৰে পাঠবোৰ ছাত্ৰ-ছাত্ৰীৰ পদূলিলৈ নিয়াৰ লগতে যি সকলৰ মোবাইল ফোন নাই , তেওঁলোকক পাঠ আৰু কাৰ্য-প্ৰণালী প্ৰিন্ট কৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব । সমগ্ৰ শিক্ষাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাসে আঁতধৰা সভাখনত জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতি, ডায়েটৰ অধ্যক্ষ আৰু প্ৰৱক্তা সকল, খণ্ড শিক্ষা বিষয়া সকল আৰু সমগ্ৰ শিক্ষাৰ সমল ব্যক্তি সকল উপস্থিত থাকে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে , আজিৰ এই অনুষ্ঠানটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ শিক্ষাৰ ৱেভ ছাইটৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে পোণপতীয়াকৈ সম্প্ৰচাৰ কৰা হয় । তেওঁ লগতে জনোৱা মতে , এই আচঁনিখন জিলা,খণ্ড আৰু মণ্ডল সমল কেন্দ্ৰ পৰ্যায়ত তিনিওটা স্তৰত কাৰ্য-ৰূপায়ন কৰা হ’ব । প্ৰতিখন বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীক এই প্ৰকল্পৰ নীতি-নিৰ্দেশনা অনুসৰি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । জিলা প্ৰশাসনে এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষৰে সহায় সহযোগিতা কামনা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here