একালৰ জাতীয়তাবাদী সংগঠনৰ নেতা বৰ্তমানৰ সংবাদকৰ্মী তথা স্বাৱলম্বী যুৱক ৰাতুল হাজৰিকাৰ স্বাৱলম্বীতাৰ নিদৰ্শন

5
19

একালৰ জাতীয়তাবাদী সংগঠনৰ নেতা বৰ্তমানৰ সংবাদকৰ্মী তথা স্বাৱলম্বী যুৱক ৰাতুল হাজৰিকাৰ স্বাৱলম্বীতাৰ নিদৰ্শন

দুৰ্ণীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাটৰ প্ৰতিবেদন , ১০ জুন : গোলাঘাট দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি কৈৱত্ত গাঁৱৰ একালৰ জাতীয়তাবাদী নেতা তথা বৰ্তমানৰ সংবাদকৰ্মী ৰাতুল হাজৰিকাই বজাৰো আমাৰ পথাৰো আমাৰ মূলমন্ত্ৰ শিৰোগত কৰি চাকৰিমুখী নহৈ আৰম্ভ কৰিছে এখন বৃহৎ আকাৰৰ ব্ৰইলাৰ ফাৰ্ম। ৰাতুল হাজৰিকাই নিজৰ লগতে স্থানীয় কেবাজনো ব্যক্তিক নিজৰ ফাৰ্ম খনত সংস্থাপন দিছে । তেখেতে ব্ৰইলাৰ ফাৰ্মৰ লগতে থলুৱা পাৰ চৰাই পোহাতো মনোনিৱেশ কৰিছে । লগতে উপদেশতকৈ আৰ্হিয়েই ভাল এই নিদৰ্শনেৰে ৰাজ্যখনৰ শিক্ষিত নিবনুৱা ভূমিপুত্ৰ সকলক পথাৰ সমূহত বিভিন্ন শস্য শ্যামলেৰে দখল কৰি উক্ত উৎপাদিত সম্পদেৰে বজাৰ সমূহ দখল কৰি কৰ্মৰে বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আৰু লগতে বৰ্হিঃৰাজ্যত আনৰ চৰণত আঠু লৈ উপাৰ্জন কৰাতকৈ নিজৰ পদুলীত থাকি নিজ পথাৰ আকৌ বজাৰ দখলেৰে স্বাবলম্বী হ’বলৈ আহ্বান জনায় ৷ ৰাতুল হাজৰিকা হঁওক বহুতৰে এক প্ৰেৰণাৰ উৎস ।

5 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here