কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ জয়ত উৎফুল্লিত সৰুক্ষেত্ৰী বাসী ৰাইজ

শ্বৰীফুল ইছলাম, কয়াকুছি ,২মেঃ বহু জল্পনা-কল্পনাৰ পিছত হৈ যোৱা অসম বিধান সভা নিৰ্বাচনৰ ভোট গণনা আৰু ইয়াৰ ফলাফল ঘোষণাত হাঁহি আৰু টুপনিমৰা পৰিলক্ষিত হৈছে কিছু বাঘা বাঘা নেতাই। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে তৃতীয় আৰু এ জি পি দলৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰী দ্বিতীয় স্থানত থকাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে ২০১৬ চনৰ নিৰ্বাচনৰ তুলনাত বহুত বেছি ভোট লাভ কৰি জয়ী হোৱাত জাকিৰ হুছেইন সিকদাৰেই শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল। কংগ্ৰেছী শিবিৰে লকডাউনক আজি অতি বিৰক্ত অনুভৱ কৰিছে যদিও আনন্দত ফটকা নুফুটাই থাকিব পৰা নাই কোনেও। চাৰিওপিনে ফটকাই কিছু শব্দ প্ৰদূষণ কৰিছে যদিও বিভিন্ন জনৰ মিঠাই বিতৰণ ,ইফতাৰ পাৰ্টি আদিয়ে সমৰ্থক সকলৰ মাজত ক্ষন্তেক সময়ৰ বাবে যেন আনন্দত কৰণাৰ ভয় নোহোৱা হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here