কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক সুখবৰ , প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত বন্দী হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ

0
9

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক সুখবৰ , প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত বন্দী হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰিদিপ শৰ্মা , কলিয়াবৰ , ১৫ জুনঃ প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত বন্দী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ । আশ্চৰ্য্যৰ সমাহাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পোহৰলৈ আহিছে আন এক আশ্চৰ্য্য ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তঃভাগত পৰিলক্ষিত হৈছে সম্পূৰ্ণ বগা ৰঙৰ বিৰল হৰিণা ৷ ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰাণীকূলক লৈ আৰু অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন আন হৰিণাৰ জাকৰ মাজতে আপোন মনে চৰি থকা এটি শুদ্ধ বগা হৰিণ ফটো বন্দী হৈছে প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত ৷ কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে দেখা পোৱা গৈছিল শুদ্ধ বগা বৰণৰ হৰিণটি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা এই বগা হৰিণ বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ তালিকাতো হয়তো ই হ’ব নৱতম সংযোজন ৷ কিন্তু ইয়াৰ বাবে প্ৰয়োজন হ’ব সঠিক দিশৰ অনুসন্ধান আৰু অধ্যয়নৰ ৷ উল্লেখ্য যে , ২০১০ চনৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কম সময়ৰ বাবে প্ৰত্যক্ষ হৈছিল এই বিৰল বগা হৰিণ ৷ প্ৰাণীবিজ্ঞানীসকলৰ মতে , বহু সময়ত বিভিন্ন কাৰণত জীন বা বংশগতিৰ পৰিৱৰ্তন বা আগতি জীনৰ বাবেও এই বৰণ হ’ব পাৰে হৰিণকে ধৰি আন আন বন্যপ্ৰাণীৰ ৷ অৱশ্যে জীৱ জগতৰ নৱতম সংযোজনৰ কথাটোও একে আষাৰে নুই কৰিব নোৱাৰি ৷ প্ৰাণী বিজ্ঞানীসকলৰ ভাষাত ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত এই বগা হৰিণক ৷ বংশগতি, জীনৰ পৰিৱৰ্তন বা আগতি জীনৰ উপস্থিতি যি কাৰণেই নহওক কিন্তু এতিয়া এই বগা হৰিণা বা শ্বেত হৰিণাক লৈ উৎসাহ আৰু উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷ জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয় , তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও ই হ’ব এক সৌভাগ্যৰ বিষয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here