কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ’ব ?

0
10

কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ’ব ?

গীতালি কেওট বৰা

ইতিমধ্যে অসমত বিধানসভা নিৰ্বাচনৰ প্ৰায় আটাইবোৰ বিধি অন্ত পৰাৰ দিশত ৷ বহু প্ৰত্যাশিত তিতা-মিঠা ফলাফল ৰাইজৰ হাতত ৷ সাধাৰণ নাগৰিকৰ পৰা দলীয় কৰ্মী আৰু জয়ী হোৱা বা পৰাজিত হোৱা প্ৰত্যেকজন ব্যক্তিৰ প্ৰতিক্ৰিয়া পৃথক পৃথক হৈ ধৰা দিছে ৷ তাৰ মাজতে বৰ্তমান অসমৰ ৰাজনীতিত বহু চৰ্চিত এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ন-কৈ আগমন ঘটিছে ৷ সেইটো হ’ল— ‘অখিল গগৈ’ ৷ অসমবাসীৰ মনত এতিয়া উৎকণ্ঠা সিংহপুৰুষ অখিলগগৈক লৈ ! শিৱসাগৰৰ ৰাইজে অখিল গগৈক মুকলি আকাশৰ তললৈ, ৰাইজৰ মাজলৈ ঘূৰাই আনিবলৈকে যি একতাৰ শক্তি প্ৰদৰ্শন কৰিলে , সেয়া সঁচাকৈয়ে এক ঐতিহাসিক ৷ কিন্তু ইয়াৰ লগতে নিৰ্বাচনত জয়ী হ’লেই ‘অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তি পাব’ ধৰণৰ সাধাৰণ ৰাইজৰ বিশ্বাসৰ জয় কেতিয়া হ’ব , এইবাৰ আইনী বিধি কেনে ধৰণৰ হ’ব , নে গোটেই বিষয়টোক এক নতুন দিশলৈ লৈ যোৱা হ’ব আদি বিভিন্ন প্ৰশ্ন সাঙুৰ খাই আছে ৷ আৰু দুদিনমান যোৱাৰ পাছতহে হয়তো এইবোৰ কথাৰ কিছু উমান পাব পৰা হ’ব…৷ সমগ্ৰ অসমবাসীৰ এতিয়া উৎকণ্ঠাৰ বিষয় হ’ল— অখিল গগৈ আৰু বিধান সভাৰ মজিয়া ৷ বিধানসভাৰ মজিয়াত অখিল গগৈৰ ভূমিকাই কেনে ৰূপ ল’ব , তাকে লৈ অধিকতৰ অসমীয়াৰ জল্পনা-কল্পনা ৷ একাংশৰ মতে এতিয়া আন্দোলনৰ গুড়ি কোনে ধৰি ৰাখিব…! কিন্তু কথা হ’ল— জাতি , মাটি , ভেটিৰ বাবে অসমীয়াই সৌ তাহানিৰে পৰা কেৱল আন্দোলন কৰিলে আৰু এতিয়ালৈকে কৰি থাকিব লগা হৈছে ৷ দুবছৰীয়া কণমানিটোৰ পৰা হাত ভৰি কপি থকা বৃদ্ধ অৱস্থা পোৱা জনলৈকে সকলোৰে মুখত কেৱল আন্দোলন আন্দোলন কেৱল আন্দোলন ৷ কিন্তু এই আন্দোলনে কি দিলে ? সময়ে সময়ে মাতৃয়ে পুত্ৰক হেৰুৱালে,ভগ্নীয়ে ভাতৃক হেৰুৱালে, পত্নীয়ে স্বামীক হেৰুৱালে ৷ আন্দোলনৰ গইনা লৈয়েই বহু সুবিধাবাদীয়ে নিজৰ স্বাৰ্থ সিদ্ধি কৰিলে ৷ নব্য উদাৰীকৰণৰ মন্ত্ৰ জপ কৰি ব্যক্তিগত স্বাৰ্থত অগ্ৰাধিকাৰ দি আগবাঢ়িব বিচৰা বৰ্তমান সমাজ ব্যৱস্থাই হওঁক বা চৰকাৰী ব্যৱস্থাই হওঁক, সময়ে সময়ে এলাগী কৰি অহা দুখীয়া কৃষক বনুৱাৰ অধিকাৰৰ বাবে মাত মাতি নিজকে দেশৰ শত্ৰু সজাই বিভিন্ন অত্যাচাৰ সহি কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হ’ল অখিল গগৈ ৷ বিপ্লৱী বিদ্ৰোহীজন খিলঞ্জীয়া কৃষক বনুৱাক জগাই নিজৰ অধিকাৰৰ বাবে যুঁজ দিবলৈ প্ৰত্যেকৰে বুকুত সাহসৰ বীজ সিঁচি অন্যায় অনীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনোৱাৰ বাবেই ৰাষ্ট্ৰদ্ৰোহী হিচাপে নামাঙ্কিত হ’ল ৷ আন্দোলনে ভিন্ন ভিন্ন দিশ ল’লে ৷ তাৰ বাহিৰে আৰু কি হ’ল…! অখিল গগৈক কেৱল আন্দোলনৰ বাবেই অসমবাসীক প্ৰয়োজন নেকি…! এজন জন প্ৰতিনিধি বা ৰাজনৈতিক নেতা হিচাপে তেওঁ অসম বাসীৰ হিতৰ বাবে দাবী সাব্যস্ত কৰিব নোৱাৰিব নেকি ! ৰাজপথৰ এক প্ৰতিবাদী কণ্ঠই বিধান সভাৰ মজিয়াত কি ভূমিকা গ্ৰহণ কৰিব , তাৰ এখন কাল্পনিক চিত্ৰ হয়তো এতিয়া প্ৰতিজন অসমীয়াৰ চকুৰ সন্মুখত ৷ জাতি মাটি ভেটিৰ স্বাৰ্থত হাজাৰ হাজাৰ জনসাধাৰণক ৰাজপথলৈ উলিয়াই আনিবলৈ সক্ষম এইজন আজিৰ সাহসী বীৰ পুৰুষে বিধানসভাৰ মজিয়াত কি দৰে নিজকে উপস্থাপন কৰে , সেয়া আগন্তুক দিনবোৰত লক্ষ্যণীয় হ’ব ৷ যেতিয়াই যেতিয়াই অসম জননী সংকটৰ সন্মুখীন হৈছিল , এইজন সুসন্তানে নিৰ্ভয়ে দুষ্ট শক্তিৰ বিৰোধে যুঁজ দি, চৰকাৰৰ ষড়যন্ত্ৰৰ বলী হৈ ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী হিচাপে বিভিন্ন নিৰ্যাতন ভোগ কৰিব লগা হৈছিল আৰু আজিও কাৰাৰুদ্ধ জীৱন অতিবাহিত কৰি আছে আৰু যিমানদূৰ সম্ভৱ অসম আৰু অসমীয়াৰ বাবে অখিল গগৈয়ে আগন্তুক দিনবোৰতো হয়তো কাৰো সৈতে অপোচ নকৰিব ! হয় , অখিল গগৈ অসম আৰু অসমীয়াৰ শক্তি ৷ শক্তি নাথাকিলে জাতিয়ে ৰাজহাড় পোনাব কোনোদিনেই নোৱাৰিব ৷ কৃত্ৰিম সাৰেৰে জীপাল কৰা ভুৱা কৃষকৰ পাচলিয়ে যোগান ধৰা কৃৰ্ত্ৰিম বিদেশী শক্তিয়ে খুলি খুলি খাব অসমৰ অসমীয়াত্বৰ অৱয়বক ৷ আমাক প্ৰয়োজন অখিল গগৈ ডাঙৰীয়াক৷ সিংহ পুৰুষ পুনৰ সিংহ হৈ অসমৰ ৰাইজৰ মাজলৈ আহিব ৷ আমি আশাবাদী যে অখিল গগৈয়ে পূৰ্বৰ কিছু কথাৰ সংযমতাৰে,নতুন মনোবলেৰে নিজকে এক নিপুণ সেনাপতিৰ ৰূপত সাজু কৰি ৰাইজৰ হৈ কাম কৰিবলৈ ৰাইজৰ মাজত আহি অতি সোনকালেই উপস্থিত হ’বহি…! অপেক্ষা মাথো কাৰাগাৰৰ দুৱাৰ মুকলি হোৱালৈ !

LEAVE A REPLY

Please enter your comment!
Please enter your name here