কুমাৰীকাটাৰ বাহবাৰীত সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ মত বিনিময় সভা

0
6

কুমাৰীকাটাৰ বাহবাৰীত সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ মত বিনিময় সভা

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১৮ জুলাইঃ সাম্প্ৰতিক সময়ত বিভিন্ন ধৰণৰ অসামাজিক তিৰ , জুৱা , ড্ৰাক্সে ৰাজ্যৰ যুৱক প্ৰজন্মক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে । সেয়ে ৰবিবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বাহবাৰীত শৈক্ষিক , সামাজিক আৰু সুস্থ সমাজ ব্যৱস্থাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ উদ্যোগত কুমাৰীকাটা আঞ্চলিক সমিতি আৰু দৰঙ্গামেলা আঞ্চলিক সমিতিৰ সহযোগত মত বিনিময় সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহ সম্পাদক বাপধন আহমেদ কয় যে , কভিড মহামাৰীয়ে সমগ্ৰ ভাৰতবৰ্ষতে আতংকয় পৰিবেশ সৃষ্টি কৰিছে , সেইয়া সকলোৱে জ্ঞাত । সেয়েহে অঞ্চলটোৰ জন সাধাৰণক কভিড ভেকচিন লবলৈ আহ্বান জনাই ছাত্ৰ নেতা গৰাকীয়ে । লগতে তেওঁ কুমাৰীকাটা আঞ্চলিক সমিতি আৰু দৰঙামেলা আঞ্চলিক সমিতিকো অঞ্চলটোত কভিড ভেকচিন লবলৈ প্ৰতিজন লোকক সজাগ কৰিবলৈ আহ্বান জনায় । মত বিনিময় সভাত কুমাৰীকাটা আঞ্চলিক সমিটিৰ সভাপতি আব্দুল ৰৌফ , সম্পাদক চামচুল আলী , দৰঙ্গামেলা আঞ্চলিক সমিতিৰ সভাপতি মইনুল আলী,সম্পাদক ৰাজিক আলম উপৰিও কেইবাগৰাকী সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here