কোকৰাঝাৰত ২ সমষ্টিত বিপিএফৰ বিজয়ী হাঁহি , গোসাঁইগাঁও-পশ্চিম কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰী আৰু ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও , ২ মেঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত দেওবাৰে পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজত ২৮ নম্বৰ গোসাঁইগাঁও আৰু ২৯ নম্বৰ কোকৰাঝাৰ বিধানসভা (জনজাতি) সমষ্টিৰ ভোট গণনা শান্তিপূৰ্ণভাৱে সম্পন্ন হয় । তীব্ৰ উৎকণ্ঠা আৰু তুমুল প্ৰতিদ্ধন্দিতাৰ মাজত ২৮ নম্বৰ গোসাঁইগাঁও বিধান সভা সমষ্টি আৰু ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ সমষ্টিত বি পি এফ তথা মহাজোঁটৰ প্ৰাৰ্থী ক্ৰমে মাজেন্দ্ৰ নাৰ্জাৰী আৰু ৰবিৰাম নাৰ্জাৰীয়ে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । ২৮ নম্বৰ গোসাঁইগাঁও সমষ্টিত বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে ৬৯,৭৯০ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে ৫৯,৪৯৯ টা ভোট লাভ কৰি চতুৰ্থবাৰৰ বাবে উক্ত বিধান সভা সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় । মাজেন্দ্ৰ নাৰ্জাৰীয়ে সোমনাথ নাৰ্জাৰীক ১০,২৯১ ভোটত পৰাস্ত কৰে । আনহাতে , ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ (জনজাতি) সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে ৭৬,৮২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই ৬৪,৫৯৩ টা ভোট লাভ কৰে । ৰবিৰাম নাৰ্জাৰীয়ে মনোৰঞ্জন ব্ৰহ্মক ১২,২৩৩ টা ভোটত পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে উক্ত সমষ্টিৰ পৰা জয়লাভ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here