কোভিড নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ প্ৰশাসনে

0
11

কোভিড নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ প্ৰশাসনে

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা,বিশ্বনাথ, ০৫ মে’: এতিয়াও কোভিড নীতি-নিৰ্দেশনা নামানি ঘূৰি ফুৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ জিলা প্ৰশাসনে । বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই জিলাখনৰ দণ্ডাধীশসকলক সঘনাই ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে আৰু মাস্ক নিপিন্ধা আৰু কোভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে । উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে, “কোভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময় আহি পৰিছে । ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলে কেৱল নিজৰ স্বাস্থ্যৰ বাবেই নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে । মই ইতিমধ্যেই দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছো । আমি কেইজনমান আইন নমনা লোকৰ বাবে সৰ্বসাধাৰণ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰো ।” জিলাখনত কোভিড ৰোগীৰ সংখ্যা লাহে লাহে বৃদ্ধি পোৱাৰ প্ৰতি দৃষ্টি ৰাখি সৰ্বসাধাৰণ লোকে যাতে কোভিড নীতি-নিৰ্দেশনা মানি চলে , তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনত কোভিড নীতি-নিৰ্দেশনা বলবৎ কৰিবৰ বাবে অতি কমেও ১১ টা ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে । বিগত সপ্তাহটোত মাস্ক পৰিধান নকৰা আৰু নিয়ম ভঙ্গকাৰীৰ পৰা প্ৰায় 60000 টকা জৰিমনা সংগ্ৰহ কৰা হৈছে । প্ৰশাসনে সমগ্ৰ জিলাখনতে ভ্ৰাম্যমাণ ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ যোগেদি জনসাধাৰণে মানি চলিব লগীয়া কোভিড নীতি-নিৰ্দেশনা সম্পৰ্কে সজাগ কৰাৰ দিহা কৰিছে । প্ৰশাসনে ব্যাপক কোভিড পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে , যাতে আক্ৰান্ত লোকক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায় । বাছ আৰু ৰেল যোগে অহা যাত্ৰীসকলক জিলাখনৰ দুৱাৰমুখতে আৰু ৰেল ষ্টেচনত পৰীক্ষা কৰি থকা হৈছে । তদুপৰি বিশ্বনাথ পৌৰসভা আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ যোগেদি ৰাজহুৱা স্থান যেনে বজাৰ,বাছ আস্থান,ৰে’লৱে ষ্টেচন , কাৰ্যালয় , ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিয়মীয়াকৈ চেনিটাইজ কৰি থকা হৈছে । জিলা খনত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 300 ৰো অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ প্ৰশাসনে কাইলৈৰ পৰা জিলাখনৰ সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here