কৰোণাৰ ভয়াৱহতাৰ মাজতো ৰাজ্যৰ ঠায়ে ঠায়ে ৰঙালীৰ কৰ্মশালাৰ সফল পৰিসমাপ্তি

0
13

কৰোণাৰ ভয়াৱহতাৰ মাজতো ৰাজ্যৰ ঠায়ে ঠায়ে ৰঙালীৰ কৰ্মশালাৰ সফল পৰিসমাপ্তি

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১২ এপ্ৰিল : এতিয়া ৰঙালীৰ বতৰ । “মাতে শুনি ৰ’ব মই নোৱাৰো এৰি যাও পেটৰে ভাত”বিহু কলিটিৰ দৰে অসমীয়াৰ আপোৰুগীয়া চেনেহৰ ৰঙালী বিহুটি আদৰাৰ বাবে সাজু হৈছে সমগ্ৰ অসমবাসী ৰাইজ ৷ যোৱা বছৰ কৰুণাৰ সন্ত্ৰাহৰ বাবে অসমীয়া ৰাইজে পালন কৰিব নোৱাৰা ৰঙালীক এইবাৰ যেনে তেনে আদৰিবলৈ গাঁৱে ভূঞে শিপিনি , ঢোলীয়া , তালিয়া , বিহুৱতী সকলো যেন প্ৰস্তত এতিয়া ৷ সেই মৰ্মে যোৱা ১ এপ্ৰিল তাৰিখৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট আঞ্চলিক সন্থাই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ খেলপথাৰত ঢোলীয়া ,পেপুৱা ,তালিয়া তথা বিহু কোৱৰে আদিৰ যি প্ৰশিক্ষণী কৰ্মশালা আয়োজন কৰিছিল , তাৰ আজি সফল পৰিসমাপ্তি দেখিবলৈ পোৱা যায় ৷ লগতে , গোলাঘাট চৰকাৰী বাছ আস্থানৰ সমীপতে অৱস্থিত গোলাঘাট কলা বিথিকাত যোৱা ১০ দিনীয়া বিহু প্ৰশিক্ষণৰ কৰ্মাশালাৰো আজি সফল পৰিসমাপ্তি ঘটে ৷ উক্ত দুটি কৰ্মশালাৰ প্ৰশিক্ষক সকলে মত প্ৰকাশ কৰে যে , বিহু যিহেতু অসমীয়াৰ কৃষ্টি গতিকে ইয়াক আগৰ দৰেই হৈ থাকিবলৈ দিব লাগে ৷ শব্দবোৰ বিকৃত কৰি অত্যাধুনিক কৰিবলৈ চেষ্টা কৰি অশ্লীলতাক আকোঁৱালী ল’ব নালাগে তথা থলুৱা শিপিনীৰ দ্বাৰা নিৰ্মিত গামুচাহে ব্যৱহাৰ কৰি বাহিৰৰ পৰা আমদানীকৃত গামুচাক এৰাই চলি অসমীয়া সংস্কৃতিক সমৃদ্ধশালীকৈ গঢ় দিয়া দায়ীত্ব সমগ্ৰ অসমীয়া জাতীৰ বুলি উদ্যোক্তাসকলে মত পোষন কৰে ৷ শেষত কৰুণা মহামাৰীয়ে যাতে এইবাৰ বিহুটিত পুণৰ সন্ত্ৰাহৰ সৃষ্টি কৰিব নোৱাৰে , তাৰ বাবে সজাগ হৈ সকলোকে ৰঙালী বিহুটিক আদৰিবলৈ সমূহ অসমবাসী ৰাইজক অনুৰোধ জনায় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here