গণতন্ত্ৰত ‘ৰাজপাট’

0
33

গণতন্ত্ৰত ‘ৰাজপাট’

✍️ চৈয়দ আফতাদ হুছেইন

‘গণতন্ত্ৰ’ শব্দ গণতান্ত্ৰিক দেশত ব্যৱহৃত হোৱাটো একো ডাঙৰ কথা নহয়। ই ৰাজতন্ত্ৰত ইতিহাস ৰচিব পাৰে। এয়া মানৱজাতিৰ কাৰণে শুভলক্ষণ। কিন্তু গণতান্ত্ৰিক দেশ এখনত ঐতিহাসিক কোনো ইতিহাসৰ চৰ্চা নোহোৱাকৈ ৰজা-ৰাণী, ৰাজকোঁৱৰ-ৰাজকোঁৱৰী, ৰাজপাট অথবা ৰাজ সিংহাসন আদি শব্দবোৰ চৰ্চিত হোৱা মানে দেশখনৰ প্ৰতি এক চৰম ভাবুকি স্বৰূপ, অপমানজনক কথা। ভাৰতবৰ্ষৰ দৰে বিশাল গণতান্ত্ৰিক দেশ এখনত গৌৰৱ কৰিবলগীয়া অলেখ-অজস্ৰ কৃতিচিহ্ন, সামগ্ৰী, সংস্কৃতিৰে ভৰপূৰ। কিন্তু দুখৰ বিষয় যে দেশৰ কিছুমান শিক্ষিত ব্যক্তি, ৰাজনৈতিক নেতাই এইবোৰ দেখা নাপায়। বিকৃত ৰাজনীতি কৰি আৰু বিকৃত ৰাজনীতিৰ চৰ্চা কৰি দেশৰ সাধাৰণ খাটি খোৱা জনতাক ভয়াৰ্ত তথা বিপথে পৰিচালিত কৰি আহিছে। নিৰ্বাচনী বতৰৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে দেখা পোৱা গৈছে বিভিন্ন সংবাদ মাধ্যম, ব্যক্তি আদিয়ে ‘ৰাজপাট’ শব্দটো ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। এই ব্যক্তি তথা সংবাদ মাধ্যমে শাসক পক্ষক ৰাজকীয় পক্ষলৈ টানি নি আছে নেকি? দেশত গণতন্ত্ৰ বহু পৰিমাণে স্খলন হোৱা সৰ্বজনবিদিত, ইয়াৰ ক্ষেত্ৰত দায়ী কোন? এইবোৰ এবাৰ ভাবিছেনে? সময় থাকোতে এবাৰ ভাবি চোৱা উচিত নহ’ব জানোঁ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here