গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ , ৰক্তদানৰ সমান মহৎ কাৰ্য নাই : মহন্ত

0
10

গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ , ৰক্তদানৰ সমান মহৎ কাৰ্য নাই : মহন্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৪ জুন : স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ গজানন্দ জালান সেৱা সদনত বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় মেডিক’জ অৰ্গেনাইজেচনৰ উদ্যোগত সেৱা ভাৰতী পূৰ্বাঞ্চল , গোলাঘাট আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সৌজন্যত আৰু কেইবাটাও অনুষ্ঠানৰ সহযোগত আয়োজন কৰা এটা ৰক্তদান শিবিৰ মুকলি কৰে । শিবিৰ মুকলি কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে , নিজৰ শৰীৰৰ এটোপাল তেজ দি আন এজনক জীৱন দান কৰাৰ সমান মহৎ কাম আৰু একো নাই । তেওঁ এই মহৎ কাৰ্যৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয় আৰু ৰক্তদানৰ সক্ষমতা থকা লোকসকলক এই কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ বিত্তমন্ত্ৰী অজন্তা নেওগে সেৱাৰ মনোভাৱেৰে কৰা এই কাৰ্য প্ৰশংসাৰ যোগ্য বুলি মন্তব্য কৰে । অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন,জিলা উপায়ুক্ত মানৱেন্দ্র প্ৰতাপ সিং,স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত আছিল । উল্লেখযোগ্য যে , এই শিবিৰত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সন্মিলন,অখিল ভাৰতী মাৰোৱাৰী মহিলা সন্মিলন আৰু মাৰোৱাৰী যুৱ মঞ্চ,গোলাঘাটে সহযোগিতা আগবঢ়াইছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া,গোলাঘাটে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here