গোলাঘাট জিলাত ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

0
11

গোলাঘাট জিলাত ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অঞ্চলটোক শীঘ্ৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ নিৰ্দেশ

দুৰ্নীতিৰ দৰ্পণ সেৱা,বিনোদ কুমাৰ নাথ , গোলাঘাট প্ৰতিবেদন , ২ জুলাই : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সমগ্ৰ জিলাখনতে ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে । এজনৰ দেহত সংক্ৰমণ ধৰা পৰিলে তেওঁৰ সংস্পৰ্শলৈ অহা ২০ ৰ পৰা ২৫ জন লোকৰ পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্দেশ দিছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত উপায়ুক্ত গৰাকীয়ে এই নিৰ্দেশ দিয়ে । তেওঁ পৰীক্ষা , চিনাক্তকৰণ আৰু চিকিৎসা এই তিনিটা উপায়েৰেহে ক’ভিড বিৰোধী যুঁজখনত জয়লাভ কৰিব পৰা যাব বুলি মত প্ৰকাশ কৰে । তেওঁ কোনো অঞ্চলত ১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অতি সোনকালেই অঞ্চলটোক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে ৰোগীক ঘৰতে আছুটীয়াকৈ থকাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । লগতে ৰোগীয়ে ঔষধ পোৱাটো সুনিশ্চিত কৰিবলৈও উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । আনহাতে , একাংশ লোকে ক’ভিডৰ নীতি-নিৰ্দেশনা নামানি ঘূৰি ফুৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে । বৈঠকত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস , অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া,গোলাঘাটে সংবাদ মাধ্যমক অৱগত কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here