চামগুৰিৰ শালনাত ভুৱা চিকিৎসকক আটক

0
10

চামগুৰিৰ শালনাত ভুৱা চিকিৎসকক আটক

অভিজিত বৰা , দুৰ্নীতিৰ দৰ্পণ সেৱা , চামগুৰি , ২৪ জুন: মুন্না ভাই এম বি বি এছৰ ৰূপ ধৰি দীৰ্ঘদিন ৰাইজক চিকিৎসা প্ৰদান কৰি অহা এগৰাকী ভুৱা চিকিৎসকক আজি নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে , চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত শালনা চাহ বাগিছাৰ চিকিৎসালয় খনত এমাহ পূৰ্বে চিকিৎসক হিচাপে যোগদান কৰিছিল শিৱসাগৰৰ নাজিৰাৰ নিবাসী ৰাজু হাতীকাকতি নামৰ ভুৱা চিকিৎসক গৰাকীয়ে ৷ শালনা চাহ বাগিছাৰ চিকিৎসালয় খনত ৰাজু হাতীকাকতি নামৰ ভুৱা চিকিৎসক জনে যোগদান কৰাৰ পিছত বাগিছা খনৰ লোক সকলক ভুল চিকিৎসা প্ৰদান কৰি আহিছিল বুলি অভিযোগ উঠিছিল ৷ আজি এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত আৰু শালনা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মন্টু কলিতাৰ সহযোগত এটা আৰক্ষী দলে শালনা চাহ বাগিছাৰ চিকিৎসালয় খনত অভিযান চলাই উক্ত চিকিৎসক গৰাকীক আটক কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে গুৱাহাটীৰ মেডিকেল কলেজৰ অধ্যক্ষ গৰাকীৰ লগত যোগাযোগ কৰাত গুৱাহাটীৰ এন এ বি এইচৰ আৰু আৰ্য্য হাস্পতালৰ ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত এটা দল চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ ৰাজু হাতীকাকতিৰ অনুজ্ঞাপত্ৰ সমুহ ভুৱা বুলি প্ৰমান কৰে ৷ আনহাতে , কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে , ৰাজু হাতীকাকতিয়ে বিভিন্ন ধৰনৰ ভুৱা প্ৰমাণ পত্ৰ তথা অনুজ্ঞাপত্ৰ জালিয়াতি কৰি বিগত দহ বছৰৰো অধিক কাল বিভিন্ন অঞ্চলত তথা চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত সমুহত ক’ৰবাত যদি চিকিৎসক আৰু ক’ৰবাত ফাৰ্মাচিষ্ট হিচাপে কাম কৰি আহিছিল ৷ শালনা চাহ বাগিচাৰ চিকিৎসালয় খনত চিকিৎসক ৰূপে বিগত এমাহ পুৰ্বে যোগদান কৰি মুন্না ভাই এম বি বি এছ ৰাজু হাতীকাকতিয়ে ৰাইজক চিকিৎসা প্ৰদান কৰি আহিছিল বুলি জানিবলৈ দিয়ে ৷ আনহাতে , আজি আটক কৰা উক্ত ভুৱা চিকিৎসক গৰাকীক বৰ্তমানেও আৰক্ষীয়ে আৰু অধীক তথ্যৰ বাবে চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here