চিলাপথাৰৰ ফুলবাৰীত নিৰ্মাণ হৈ আছে অসমৰ ভিতৰতে বৃহত বৌদ্ধমন্দিৰটি

15
46

চিলাপথাৰৰ ফুলবাৰীত নিৰ্মাণ হৈ আছে অসমৰ ভিতৰতে বৃহত বৌদ্ধমন্দিৰটি

দুৰ্নীতিৰ দৰ্পণ সেৱা ,বিকাশ শইকীয়া , চিলাপথাৰ , ১৩ জুনঃ ধেমাজি জিলাৰ বাণিজ্যিকপাম হিচাপে খ্যাত চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী পথাৰত ৪০০ শ বিঘা এলেকা সামৰি কেৱল এবিধা মাটি জুৰি ১২০ ফুট উচ্চতাৰ তিনি মহল যুক্ত অসমৰ ভিতৰতে বৃহত এটি বৌদ্ধমন্দিৰ ২০১৪ চনৰ পৰা নিৰ্মাণ হৈ আছে । পদ্মামণি চেৰিটেবুল ষ্টাচ্ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটিয়ে নিৰ্মাণ কৰি থকা এই মন্দিৰৰ কাম ইতিমধ্যে প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হোৱাৰ কথা আমাক অৱগত কৰে মন্দিৰৰ নিৰ্মাণৰত বিষয়া কুনচং ৰংগোলে । মন্দিৰটো এইবছৰৰ শেষৰফালে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও বিগত বছৰ আৰু চলিত বছৰৰ ক’ৰোণা মহামাৰীৰ পৰিপেক্ষিতত কিছু কাম বাকী ৰৈ যোৱাৰ কথা আমাক আগত অৱগত কৰিলে ৰংগোলে । এই বৌদ্ধমন্দিৰটিৰ চৌহদত থাকিৱ স্কুল,চিকিত্সালয়,অত্যাধুনিক ৰূপত এখন গাৰ্ডেন। ইতিমধ্যে এই সকলোবোৰ অনুষ্ঠানৰো নিৰ্মাণৰ কামো পূৰ্ণগতিত চলি আছে । নিঃসন্দেহে মালিনী থানৰ পাছতে চিলাপথাৰত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক কেন্দ্ৰবিন্দু হৈ পৰিৱ এই মন্দিৰ । অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ এই মন্দিৰে নিশ্চয় অৱদান আগবঢ়াৱ ।