চুপাৰী মাফিয়াৰ ওচৰত লেওসেও আৰক্ষীয়ে অপৰাধীৰ পৰিবৰ্তে ভুমিৰ প্লটৰ ওপৰত তৰিলে গোছৰ , কমনমেন নামৰ ফেক টুইটাৰ একাউণ্টৰ জৰিয়তেহে আৰক্ষী জ্ঞাত হৈছিল চুপাৰী মজুতৰ

0
5

চুপাৰী মাফিয়াৰ ওচৰত লেওসেও আৰক্ষীয়ে অপৰাধীৰ পৰিবৰ্তে ভুমিৰ প্লটৰ ওপৰত তৰিলে গোছৰ , কমনমেন নামৰ ফেক টুইটাৰ একাউণ্টৰ জৰিয়তেহে আৰক্ষী জ্ঞাত হৈছিল চুপাৰী মজুতৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ১১ জুন : দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা অভিযানত কিমান দুৰ আছে আন্তৰিকতা । এফালে তদন্তৰ নামত লম্ফজম্ফ , আনফালে তদন্তৰ আৰম্ভণিৰ পৰাই আৰক্ষী প্ৰশাসনৰ গা এৰা দিয়া মনোভাব । ৰাজ্যৰ শ শ কোটি টকীয়া চুপাৰী কেলেংকাৰীৰ তদন্তৰ প্ৰক্ৰিয়াই সকলোকে সন্দেহৰ পথ দেখুৱাইছে । ৭ জুনত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে উত্তৰ গুৱাহাটী বহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত মজুত কৰি ৰখা শ শ কোটি টকীয়া চুপাৰীৰ গুডামত অভিযান চলাই ছীল কৰিছিল সাতটাকৈ গুডাম । কিন্তু ৰহস্যজনকভাবে কামৰূপ আৰক্ষীয়ে চুপাৰী মাফিয়াক সমুখত পায়ো গ্ৰেপ্তাৰ নকৰাক লৈ আৰক্ষী প্ৰশাসনৰ ওপৰত সন্দেহ ওপজিছে স্থানীয় লোকৰ । পৰবৰ্তী আঠ জুনতো চাংসাৰী আৰক্ষী বিষয়া ভাস্কৰ বৰ্মণে অভিযান চলাই ছীল কৰে তিনিটাকৈ গুডাম । তদুপৰি ৯ জুনত দুটা গুডামত অভিযান চলায় আৰক্ষীয়ে । গুডামৰ গৰাকী পলায়নৰ বাবে এনেদৰে অভিযান চলাব লগীয়া হৈছে বুলি তদাৰকি আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনে মন্তব্য প্ৰদান কৰিছিল । বৰ্মনৰ ভাষ্য অনুসৰি কমন মেন নামৰ এটি ফেক একাউণ্টৰ জৰিয়তে উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত কেইবাকোটি টকা মুল্যৰ অবৈধ চুপাৰী মজুতথকা বুলি খবৰ লাভ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অভিযান চলোৱাৰ নিৰ্দেশ দিছিল আৰু সেই মৰ্মে অভিযান চলাইছিল আৰক্ষী বিষয়া ভাষ্কৰ বৰ্মনে । আৰক্ষী বিষয়া ভাস্কৰ বৰ্মণে আৰু সদৰি কৰা অনুসৰি প্ৰায় দুবছৰ পুৰ্বে এই চুপাৰীৰ জি এছ টি কৰ পৰিশোধ নকৰা বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে চুপাৰী জব্দৰ নিৰ্দেশ দিছিল । প্ৰাক্তন আৰক্ষী অধীক্ষক প্ৰাৰ্থ সাৰথি মহন্তয়ো ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ চুপাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও সকলো ফুটুকাৰ ফেন হৈছিলগৈ । লক্ষণীয়ভাবে আৰক্ষীয়ে চুপাৰী গুডামৰ ভুমিৰ পাঁছটা প্লটৰ বিপৰীতেহে গোছৰ তৰা পৰিলক্ষিত হৈছে । সেয়েহে চুপাৰীৰ গৰাকী আৰু গুডামৰ গৰাকীৰ পৰিবৰ্তে উদ্যোগীক এলেকাৰ ৪,১৭ চি,১৮ ,৯৪ ,১১৩ নম্বৰ প্লটৰ বিপৰীতে ২৫৫/২০২১/ ইউ এছ ১২০ বি ,/৩৭৯/৪১১ আই পি চি গোছৰ ৰজু কৰি তদন্তৰ নামত ভেকোভাওনা ৰচিছে বুলি উল্লেখ কৰিছে একাংশ সচেতন ৰাইজে । তেওঁলোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে , চাৰিশ কোটিৰো অধিক চুপাৰী কেলেংকাৰীৰ কাণ্ডাৰীৰ প্ৰতি আৰক্ষী প্ৰশাসনৰ দৰদ কিয় ? এতিয়া অপৰাধীক চিনি নাপায় প্লটৰ ওপৰত গোছৰ তৰা গোছৰৰ পৰাই চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে পুহি ৰখা ভুৱা শূন্য সহনশীলতা স্পষ্ট হোৱা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । উল্লেখ্য যে , জনৈক ডাগা আৰু শুক্লা এই বৃহৎ চুপাৰীৰ মাফিয়া বুলি যথেষ্ট অভিযোগ উত্থাপিত হৈছে । তথাপি পাকে প্ৰকাৰে চুপাৰী মাফিয়াক ৰক্ষণা বেক্ষণৰ স্বাৰ্থতে চুপাৰী অভিযানৰ নামত দৈনিক ন ন কৌশল অবলম্বন কৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে সচেতন মহলে । যাৰ বাবে কামৰূপ আৰক্ষী অধীক্ষক হিতেশ ৰয় আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তক এই চুপাৰী ছিণ্ডিকেট উৎখাত কৰিবলৈ আন একাংশ সচেতন লোকে পুণৰ আহ্বান জনাইছে । আনফালে , চুপাৰী কেলেংকাৰীৰ মাজতে প্ৰাক্তন সাংসদ ৰমেন ডেকা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই চিণ্ডিকেট উফৰোৱাৰ স্বাৰ্থত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওপৰত ন্যায়িক তদন্তৰ দাবী কৰিছে । এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ নিজ সমষ্টিত চলি থকা এই দুৰ্নীতি ও ছিণ্ডিকেট ৰাজ সমূহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিবা ব্যৱস্থা লবনে অথবা নিজ চৰকাৰৰ দুই সাংসদৰ দাবীৰ প্ৰতি সন্মান জনাই তদন্ত কৰিবনে , সেয়াহে এক বিচাৰ্যৰ বিষয় হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here