জামুগুৰিহাটৰ ধলাইবিলত পদ্ম হাজৰিকাৰ আৰ্থিক সাহাৰ্য্যৰে নৱমিলন আত্ম সহায়ক গোটে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন

0
3

জামুগুৰিহাটৰ ধলাইবিলত পদ্ম হাজৰিকাৰ আৰ্থিক সাহাৰ্য্যৰে নৱমিলন আত্ম সহায়ক গোটে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১১ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলত নৱমিলন আত্ম সহায়ক গোটৰ ১০ জনীয়া সদস্যই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন । বিধায়ক পদ্ম হাজৰিকাই আই বি এছৰ জৰিয়তে প্ৰদান কৰা ১০ লাখ টকাৰে আত্ম সহায়ক গোটৰ ১০ জনীয়া সদস্যই একগোট হৈ দুগ্ধফাৰ্ম,মিন পালনৰ লগতে গাহৰি ফাৰ্মৰে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে । তেওঁলোক হাজাৰজনৰ বাবে হৈ পৰিছে এক আদৰ্শ । অনাগত দিনত মুৰ্গী,ছাগলি আৰু পাৰৰ ফাৰ্মৰ পৰিকল্পনা হাতত লোৱা হ’ব বুলি আমাক জানিবলৈ দিয়ে গোটৰ সভাপতি কৃষ্ণ শইকীয়াৰ লগতে সম্পাদক বিজিত শইকীয়াই । ২০১৮ চনৰ পৰাই দুগ্ধফাৰ্ম,গাহৰি ফাৰ্মৰ লগতে মিনপালনৰে শুভাৰম্ভ কৰে উক্ত আত্ম সহায়ক গোটৰ ১০ জনীয়া সদস্যই । উক্ত ফাৰ্মখনৰ পৰিকল্পনাৰ সন্দৰ্ভত বুজ লয় দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিলিপ সেনাপতি,দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ গোটৰ সম্বনয়ক জগত বৰাৰ লগতে যুৱ মৰ্চাৰ সদস্য মানস হাজৰিকা । উল্লেখ্য যে , বহি ৰাজ্যত কৰ্মৰত অৱস্থাত থকা শিক্ষিত কেইবাগৰাকী যুৱকৰ এনে মহান পদক্ষেপ হাতত লোৱাৰ লগতে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here