জিলা উপায়ুক্তৰ বিপক্ষে হোজাইৰ সাংবাদিকৰ প্ৰতিবাদ , ভোট গণনা কেন্দ্ৰত প্ৰৱেশত বাধা : অভিযোগ

শংকৰদেৱ নগৰৰ পৰা ছাদিকুজ জামান , ২ মে : হোজাই জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ সাদনেক সিঙৰ বিপক্ষে হোজাইৰ সাংবাদিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাৰ সময়ত জিলা উপায়ুক্ত জনে নিৰ্বাচন আয়োগে প্ৰদান কৰা পৰিচয় পত্ৰ থকা সাংবাদিক সকলক তেওঁৰ কাৰ্যালয়ৰ চৌহদত মবাইল আৰু কেমেৰা লৈ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে । এই লৈ তাত উপস্থিত থকা সাংবাদিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ পিছত নিৰ্বাচনী বিষয়া জনৰ নিৰ্দেশত হোজাই আৰক্ষীয়ে সাংবাদিক সকলক চৌহদত প্ৰৱেশত অনুমতি প্ৰদান কৰে যদিও নিৰ্বাচনী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ বাবে বহাৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পুনৰ মূল পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি সাংবাদিক সকলক গ্ৰেপ্তাৰ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় । সাংবাদিকৰ প্ৰতিবাদত জিলা নিৰ্বাচনী বিষয়া জনৰ নিৰ্দেশত মূল গণনা কেন্দ্ৰৰ বাহিৰৰ পথাৰত নিৰ্বাচনী এজেন্ট সকলৰ বাবে নিৰ্মিত এখন ছালত তলত এজেন্ট সকলক আঁতৰাই এটা মিডিয়া কোষ নিৰ্মান কৰি সাংবাদিক সকলক মবাইল আৰু কেমেৰা সহ যোৱাৰ অনুমতি প্ৰদান কৰে যদিও ভোট গণনা কেন্দ্ৰলৈ সাংবাদিকৰ প্ৰবেচিত বাধা আৰোপ কৰে । পিছত যেনিবা দুজন দুজন সাংবাদিকক স্বৰ্ত সাপেক্ষে প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছিল । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ এনে কাৰ্যত ক্ষোভিত হৈ জিলাৰ স্বকৃতিপ্ৰাপ্ত সাংবাদিক সকলে জিলা উপায়ুক্তৰ বা বাতৰি পৰিবেশন নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে উপায়ুক্তক উদ্দেশ্য কৰি এক পত্ৰ সহ নিৰ্বাচন আয়োগে প্ৰদান কৰা অনুমতি পত্ৰ সমূহ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ হাতত প্ৰদান কৰে । এই পত্ৰত প্ৰতিলিপি নিৰ্বাচন আয়োগ, অসমৰ মুখ্য সচিব আদিলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নিৰা ৰায়কো জিলা নিৰ্বাচন বিষয়াই তেওঁৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত মবাইল প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here