ঝগৰাৰপাৰ পঞ্চায়তত জি পি ডি পি আঁচনিৰ নামত অনিয়ম , বাতৰিৰ প্ৰতিক্ৰিয়া

0
1227

ঝগৰাৰপাৰ পঞ্চায়তত জি পি ডি পি আঁচনিৰ নামত অনিয়ম , বাতৰিৰ প্ৰতিক্ৰিয়া

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ধুবুৰী , ২৭ জুনঃ ঝগৰাৰপাৰ পঞ্চায়তত যোৱা ২৫/০৬/২০২১ ইং তাৰিখত দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতত বাতৰি প্ৰকাশত সমগ্ৰ ধুবুৰী জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰতিক্ৰিয়া মতে , ঝগৰাৰপাৰ প্ৰথম খণ্ডত এটা ৰাস্তা , এটা বছৰতেই একে পিন পয়েন্টৰ ভিতৰতে দুখন কৈ আধাৰশিলা স্থাপন কৰি কাম কৰিছে বুলি অভিযোগ উঠিছে পঞ্চায়তৰ সভাপতি মিজানুৰ হকৰ বিৰুদ্ধে । GPDP আঁচনিৰ অধীনত ২০/০১/২০২০ চনত ঝগৰাৰপাৰ প্ৰথম খণ্ডৰ (ক) আধাৰশিলা স্থাপন কৰে Dhubri Civil Hospital Link road to Nathu sk House. Est Amount-9,25,000.00 টকা উন্নত মানৰ চি চি ব্লকৰ ৰাস্তা । সেই একেটা ৰাস্তাত আকৌ এখন আধাৰশিলা স্থাপন ২০২০ চনত Anis Ali House to Anowar Ali House। Est Amount-400,000.00 চি চি ব্লকৰ ৰাস্তা । ৰাইজৰ অভিযোগ যে,প্ৰথম আধাৰশিলাত উল্লেখ কৰা পিন পয়েন্টৰ ভিতৰতে দ্বিতীয় খন আধাৰশিলাত পিন পয়েন্ট উল্লেখ কৰা (Anis Ali House to Anowar Ali House) মানুহ দুয়োজনৰ ঘৰ । অভিযোগ মতে,একেটা ৰাস্তাত একে চলিত বৰ্ষত দুখন কৈ আধাৰশিলা স্থাপন কৰি দুবাৰকৈ টকা অনুমোদন কৰে যদিও আজিলৈকেও প্ৰথমে স্থাপন কৰা আধাৰশিলাৰ পিন পয়েন্ট লৈকে ৰাস্তাৰ কামে সম্পূৰ্ণ নকৰিলে সভাপতি মিজানুৰে । ইয়াৰ উপৰিও প্ৰথম আধাৰ শিলাত উল্লেখ কৰা উন্নতমানৰ চি চি ব্লকৰ পৰিৱৰ্তে নিম্নমানৰ চি চি ব্লক ব্যৱহাৰ কৰে বুলি অভিযোগত প্ৰকাশ ।

ওপৰত উল্লেখ কৰা অভিযোগৰ প্ৰতিক্ৰিয়া হিচাপে ঝগৰাৰপাৰ পঞ্চায়তৰ সভাপিত মিজানুৰ হকে একাংশ ছচিয়াল মিডিয়াত নিজকে নিজে ধূৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰাৰ উপৰিও দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ সাংবাদিকৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ অবিহনে বাতৰি প্ৰকাশ কৰিছে বুলি সকিয়নী দি অভিযোগ উত্থাপন কৰিছে । তাৰ প্ৰতিক্ৰিয়া হিচাপে কাকতৰ সাংবাদিকজনে ৰাইজৰ অভিযোগৰ প্ৰতিলিপি বাতৰিত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে ।

দ্বিতীয়তে,ঝগৰাৰপাৰ পঞ্চায়তৰ সভাপতি মিজানুৰ হকে কোনো অনিয়ম-দুৰ্নীতি কৰা নাই বুলি নিজকে নিজে ভগৱানৰ তলত অনুভৱ কৰি ধূৱা তুলসীৰ পাত বুলি জাহিৰ কৰা তথা একাংশ ছচিয়াল মিডিয়াৰ যোগেদি লম্প-জম্প কৰা মিজানুৰ হকক কব বিচাৰিছোঁ যে , আপুনি যদি ইমানেই ধূৱা তুলসীৰ পাত , তেনেহলে যোৱা ০৩-০৫-২০২১ ইং তাৰিখত আপোনাৰ বিৰুদ্ধে ধুবুৰী জিলা উপায়ুক্তৰ লগতে গৌৰীপুৰ উন্নয়ন খণ্ডৰ বিষয়াক কোনে অভিযোগ দিছিল , যদি আপোনাৰ চকুত কলা মামৰে ধৰিছে , তেনেহলে উক্ত অভিযোগৰ প্ৰতিলিপি তথা জেৰস্ক কপি সংলগ্ন কৰিলো ।

তৃতীয়তে , ঝগৰাৰপাৰ পঞ্চায়তৰ সভাপতি মিজানুৰ হকে একাংশ ছচিয়াল মিডিয়াত প্ৰত্যাবান জনাইছিল যে , ৰাইজৰ অভিযোগ অবিহনে বাতৰি প্ৰকাশ কৰা হৈছিল দুৰ্নীতিৰ দৰ্পণ কাকতত । একাংশ ছচিয়াল মিডিয়াত নিজকে ভিডিঅত হিৰো দেখুওৱালৈ অনুভৱ কৰা সভাপতি মিজানুৰ হকৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি তেখেতৰ অনিয়ম-দুৰ্নীতিৰ অভিযোগৰ পৰিস্কাৰ তথা সৰুকৈ স্পষ্ট ভিডিঅ ইয়াৰ লগত সংলগ্ন কৰা হল । ইয়াৰ উপৰিও আপোনাৰ বিৰুদ্ধে কত কেনেকৈ দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে,সকলোবোৰ তথ্য ফাদিল কৰিম পৰবৰ্তী সংখ্যাত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here