ডবকাত বিলাসী গাড়ী,লেপটপ,ভুৱা প্ৰেছ কাৰ্ডসহ তিনিজন যুৱকক আটক

0
19

ডবকাত বিলাসী গাড়ী,লেপটপ,ভুৱা প্ৰেছ কাৰ্ডসহ তিনিজন যুৱকক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , যমুনামুখ, হিলাল চৌধুৰী, ১৯ জুনঃ ৰাজ্যত আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰাৰ নামত ভয়ংকৰ জাল মেলিছে বৃহৎ দুষ্ট চক্ৰই । শুক্ৰবাৰে নিশা ডবকা আৰক্ষীয়ে তিনি জন যুৱকক আটক কৰাৰ পিছতেই উন্মোচিত হৈছে বহু ভয়ংকৰ তথ্য । এজেণ্টসকলে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকৰ পৰা ৩০০ৰ পৰা ৫০০ টকাৰ বিনিময়ত প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ ভুৱা আয়ুষ্মান ভাৰতৰ কাৰ্ড । চক্ৰটোৱে প্ৰস্তুত কৰা আয়ুষ্মান কাৰ্ড চিকিৎসালয়ত দেখুৱাৰ পিছতেই ধৰা পৰে চক্ৰটোৰ কু-কৰ্ম । বাতৰি অনুসৰি , ওদালগুৰিৰ স্বয়ম্ভু সাংবাদিক ৰফিক আলী আৰু বৰপেটাৰ আব্দুল কৰিমে ভুৱা আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰাৰ নামত ৰাজ্যত নিয়োগ কৰিছে শ শ এজেণ্ট । হোজাই জিলাৰ একাংশ যুৱকৰ পৰা ধন লৈ আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰিবলৈ দিছিল ভুৱা পাছৱাৰ্ড । প্ৰায় ১৫ লক্ষাধিক টকা হোজাই জিলাৰ শিক্ষিত নিবনুৱাৰ পৰা অতি কৌশলেৰে একাউণ্ট যোগে লুটিছিল দুষ্ট চক্ৰটোৱে । হোজাই জিলাৰ একাংশ এজেণ্টে নতুন এজেণ্ট নিয়োগ কৰাৰ কথা কৈ অসাধু চক্ৰটোৰ অন্যতম অভিযুক্ত আব্দুল কৰিমক মাতি আনে হোজাইলৈ । ধনৰ লোভত নতুন এজেণ্ট নিয়োজিত কৰিবলৈ আহি জালত পৰিল চক্ৰটোৰ অন্যতম অভিযুক্ত আব্দুল কৰিমসহ তিনিজন যুৱক । আব্দুল কৰিমৰ ঘৰ বৰপেটাৰ সৰ্থেবাৰীৰ গৰিয়া চতলাত বুলি জানিব পৰা গৈছে।সহযোগী আখতাৰ হুছেইন আৰু ৰকিবুল ইছলামকো আটক কৰিছে ডবকা আৰক্ষীয়ে । ৰকিবুল আৰু আখতাৰৰ ঘৰ মুকালমুৱাত । তিনিওকে আটক কৰি ডবকা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । ইতিমধ্যে তিনিওজনৰ পৰা আৰক্ষীয়ে ভূৱা প্ৰেছ কাৰ্ড,ৱেব পৰ্টেলৰ লগো , লেপটপ,কেইবাটাও মোবাইল আৰু বিলাসী গাড়ী জব্দ কৰিছে ৷ চক্ৰটোৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত কেবাটাও গোচৰ ৰুজু হোৱাৰ লগতে হোজাই থানাতো গোচৰ ৰুজু কৰিছে একাংশ ভুক্তভোগী এজেণ্টে । ডবকা আৰক্ষী থানাত ভুক্তভোগী তফজুৰ ৰহমান নামৰ এজেণ্ট এজনে দিয়া এজাহাৰত উল্লেখ কৰা মতে দৰং জিলাৰ ৰফিক আলী আৰু বৰপেটাৰ সৰ্থেবাৰীৰ আব্দুল কৰিমে আয়ুষ্মান ভাৰত ই-কাৰ্ড (Ayushman Bharat e-cardৰ) কাম দিয়াৰ বাবে দুমাহ মান পূৰ্বে তিনি লাখ টকা লৈছিল যুৱক জনৰ পৰা । আয়ুষ্মান ভাৰত কাৰ্ডৰ নামত ভুৱা ৱেবছাইট খুলি হোজাই জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ যুৱক যুৱতীক Corporate PSA , Corporate Operator ID প্ৰদান কৰিছিল চক্ৰটোৱে । কিন্তু ৱেবছাইটোত সকলো কাম কৰাৰ পিছত যিবোৰ কাৰ্ড প্ৰদান কৰা হৈছিল ৷ এই কাৰ্ড সমূহ যেতিয়া হাস্পতালৰ পৰা অবৈধ বুলি এজেণ্ট সকলক অৱগত কৰিছিল । ইয়াৰ পাছতেই পোহৰলৈ আহিল সমগ্ৰ ঘটনা । ভুক্তভোগী যুৱক সকলে মূল অভিযুক্ত ৰফিক আলীক ফোন কৰিলেই মুখ্য মন্ত্ৰীৰ সৈতে মিটিঙত ব্যস্ত আছে বুলি কৈ ফোন কাটি দিয়া আয়ুষ্মান অফিচাৰ এতিয়া ৰঙা ঘৰত ব্যস্ত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here