ডিগবৈৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ স্মৃতিগ্ৰন্থ ‘বিৰিণা’ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ১ মে : ক’ভিড বিধি ৰক্ষা কৰি ডিগবৈ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ পালন সমিতিয়ে আজি সন্ধিয়া অনুষ্টুপীয়াকৈ এক সভা অনুষ্ঠিত কৰে । পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত (বিহুতলী) সভাপতি অজয়ানন্দ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁতধৰে যুটীয়া সম্পাদক সম্পাদক নিখিল কোঁচে । ৰাজেশ বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰা উনবিংশতিতম সংখ্যা ‘বিৰিণা’ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই ভাষণত কয় , আমাৰ সমাজৰ উঠি অহা প্ৰজন্মই যদি গৱেষণা কৰিব বিচাৰে আমি তেওঁ লোকক কি আগবঢ়াই দিম ! নিশ্বয়কৈ আমি ধাৰাবাহিকতা ৰক্ষা কৰি অহা ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিয়ে প্ৰতি বছৰে ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰকাশ কৰি অহা স্মৃতিগ্ৰন্থ’বিৰিণা,শংকৰদেৱৰ জন্মোৎসৱত প্ৰকাশ কৰি অহা‌ স্মৃতিগ্ৰন্থ ‘প্ৰণিপাত’ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ বছৰেকীয়া মুখপত্ৰ,বিভিন্ন দল-সংগঠনৰ দ্বাৰা সময়ে সময়ে প্ৰকাশ কৰি অহা আলোচনী,বিভিন্ন প্ৰণিকা আদি আগবঢ়াই দিব লাগিব । কাৰণ ইয়াতেই আমাৰ সমাজ জীৱনৰ সঁচা ছবি বিচাৰি পাব । ইপিনে , সাম্প্ৰতিক সময়ত অস্কিজেনৰ অভাৱ সম্পৰ্কে আলোচনা কৰি কয় , এ অ’ডি-ৰ এটা নিজাববীয়াকৈ অক্সিজেন প্লাণ্ট আছিল যদিও সম্প্ৰতি এ অ’ডি-ৰ যাদুঘৰত দৰ্শনাৰ্থীৰ বাবে সংৰক্ষিত কৰি ৰাখিছে । ৰাহি ধনেৰে ৰঙালী বিহু উৎসৱ পালন সমিতিয়ে যদি সমাজখনৰ উপকাৰৰ বাবে কিবা কৰি যাব পাৰে , ই এক আমাৰ বাবে আদৰ্শ হ’ব বুলি বিষয়টো ৰাজহুৱা কৰে । ক’ভিড বিধি ৰক্ষা কৰি বিহুৰ মুল কাৰ্য্যসূচী বাতিল কৰিব লগীয়া হ’লেও আমি স্মৃতিগ্ৰন্থ বিৰিণা ৰাজেশ বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰি আজি উন্মোচন কৰি পাঠকৰ হাতত তুলি দিবলৈ পায় গৌৰৱ বোধ কৰিছো বুলি ভাষণত সভাপতি অজয়ানন্দ দুৱৰাই উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here