ডিব্ৰুগড়ৰ চাহবাগিছাত ভুৱা চিকিৎসক আটক , ধৃত মুন্নাভাই চিকিৎসক ইয়াকুব আলি

0
12

ডিব্ৰুগড়ৰ চাহবাগিছাত ভুৱা চিকিৎসক আটক , ধৃত মুন্নাভাই চিকিৎসক ইয়াকুব আলি

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰশ্মিৰেখা সাউদ কলিতা , ডিব্ৰুগড় , ১৬ জুন : ডিব্ৰুগড়ৰ চাহ বাগিছাত এজনৰ পাছত আন এজন গ্ৰেপ্তাৰ হৈছে ভুৱা চিকিৎসক । মানুহৰ জীৱনকলৈ খেলা কৰিবলৈ কেনেকৈ তেওঁলোকে সাহস কৰিছে , তাকে লৈ উদ্বিগ্ন হৈ পৰিছে ৰাইজ । মঙ্গলবাৰে সন্দেহবশত: গোপন সূত্ৰৰ পম খেদি আৰক্ষী বিভাগে ডিব্ৰুগড়ৰ হাতীআলি চাহ বাগিছাৰ পৰা গ্ৰেপ্তাৰ কৰিলে ভুৱা চিকিৎসক ইয়াকুব আলীক ।বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা ধৃৎ মুন্নাভাই চিকিৎসকজন দেৰগাঁৱৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,কোনো মেডিকেল কলেজৰ শিক্ষা গ্ৰহণ নকৰাকৈ কেৱল পেৰামেডিকেল পঢ়া ভুৱা চিকিৎসকজনে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসক হিচাপে উত্তীৰ্ণ হোৱা বৰ্তমান চিৰাং জিলাৰ কাজলগাওঁ অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডা: ইয়াকুব আলি আহমেদৰ পৰিচয় চুৰ কৰিছিল । আটক কৰা ভুৱা চিকিৎসকজনৰ প্ৰকৃত নাম মহম্মদ ইয়াকুব আলি । ভুৱা পৰিচয়েৰে চিকিৎসা চলাই অহা ইয়াকুবৰ দৰে আৰু কিমানজন মুন্নাভাই চিকিৎসকে কৰোণা মহামাৰীৰ এনে ভয়ানক সময়ত মানুহৰ জীৱনক লৈ হেতালি খেলি আছে বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে । ঘটনাৰ সবিশেষ জানিবলৈ তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here