ডি এফ অ’ৰ ভূমিকা ৰহস্যজনক , পবিতৰা অভয়াৰণ্যত চুড়ান্ত অৰাজকতা , বনকৰ্মীৰ নিৰ্দেশতেই চলিছে পবিতৰাত চোৰাং ভাবে মাছ মৰা কাৰ্য

0
11

ডি এফ অ’ৰ ভূমিকা ৰহস্যজনক , পবিতৰা অভয়াৰণ্যত চুড়ান্ত অৰাজকতা , বনকৰ্মীৰ নিৰ্দেশতেই চলিছে পবিতৰাত চোৰাং ভাবে মাছ মৰা কাৰ্য , বনকৰ্মীৰ ছত্ৰছায়াতে চলিছে হৰিণা নিধন , জ্যেষ্ঠ বন বিষয়া মুকুল তামুলীক তদন্তৰ দ্বায়িত্ব , উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও ,২১ জুন : যোৱা কিছুদিন ধৰি এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যত চলি থকা চোৰাং মাছৰ বেহাৰ লগতে বন্যপ্ৰাণী নিধনৰ ধৰে ঘটনা ঘটি থকা অবৈধ কাৰ্যক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোৰ লগতে সমগ্ৰ মৰিগাঁও জিলাত ব্যাপক জোকাৰণিৰ সৃষ্টি হৈছে । মৰিগাঁও জিলাৰ পশ্চিম অংশত থকা মায়ঙৰ পবিতৰা অভয়াৰণ্যত বন আঞ্চলিক বিষয়া নথকা অজুহাত লৈ কিছু দিন ধৰি অভয়াৰণ্য খনত সংঘটিত হৈছে ভয়াৱহ দুষ্কাৰ্য্য । একাংশ বনকৰ্মীৰ ছত্ৰছায়াতেই অভয়াৰণ্য খনৰ হাডুক বিলৰ লগতে ভিতৰ অংশত থকা জলাশয় সমূহত মাছমৰীয়াই অবৈধ ভাৱে মাছ মাৰি আহিছে । হাডুক বিলত থকা বৃহৎ সংখ্যক মাছ নিশাৰ ভিতৰতে তহিলং কৰিছে একাংশ মাছমৰীয়াই । আনকি , জলাশয় সমূহত প্ৰতি নিশাই এই দুস্কাৰ্য চলি আহিছে । তদুপৰি পবিতৰা একাংশ বনকৰ্মীৰ নিৰ্দেশতেই হৰিণা বধ কৰি ভোজ-ভাত খোৱাৰ ঘটনাও সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । দীৰ্ঘদিন ধৰি এই ঘটনা সংঘটিত হোৱাৰ পিছতো ৰাজ্য চৰকাৰে বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল । অতি আশ্চৰ্যকৰ বিষয় যে- পবিতৰা অভয়াৰণ্যৰ দ্বায়িত্বত থকা বন্য প্ৰাণী বিভাগৰ ডি এফ অ’ জয়ন্ত ডেকাৰ ভূমিকাক লৈও এতিয়া সন্দেহ ঘনিভূত হৈছে । প্ৰায় পোন্ধৰ দিন ধৰি পবিতৰা অভয়াৰণ্যত এই অৰাজক পৰিস্থিতি চলি থকাৰ পিছতো ডি এফ অ’গৰাকীয়ে মৌনতা অৱলম্বন কৰা কাৰ্যই সকলোৱে চকু কপালত তুলিছে । তাৰোপৰি বনবিভাগে এই সন্দৰ্ভত এখন এজাহাৰো স্থানীয় মায়ং থানাত দাখিল নকৰা কাৰ্যক লৈও সচেতন ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ৰেগ হৈছে । পবিতৰা অভয়াৰণ্য খনত এনে অবৈধ দুষ্কাৰ্য চলাৰ পিছতো মায়ং থানাকে ধৰি আৰক্ষীৰ ভূমিকা যি ধৰণৰ হ’ব লাগিছিল , সেয়া এই পৰ্যন্ত হৈ নুঠিল । এয়াও এক ৰহস্যৰ বিষয় বুলি স্থানীয় ৰাইজে প্ৰশ্ন তুলিছে । আনহাতেদি পবিতৰাৰ দৰে এখন অভয়াৰণ্যত কেইবা মাহ ধৰি ৰাজ্য চৰকাৰৰ বন বিভাগৰ দৰে এটা বিয়াগোম বিভাগে স্থায়ী ভাৱে এজন ৰেঞ্জাৰ নিযুক্তি দিব নোৱাৰাতোও আন এক ব্যৰ্থতা বুলি অভিহিত কৰিছে সচেতন মহলে । একালৰ বিশ্ব বিখ্যাত তন্ত্ৰ -মন্ত্ৰৰ দেশ তথা যাদু নগৰী মায়ঙৰ গাতে লাগি থকা পবিতৰা অভয়াৰণ্য খনত বৰ্তমানে চলি থকা অৰাজকতা দূৰ কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । ইপিনে,কালি এই সন্দৰ্ভত জ্যেষ্ঠ বন বিষয়া মুকুল তামুলীক পবিতৰা অভয়াৰণ্যত চলি থকা ঘটনাৰ তদন্ত কৰিবলৈ বন বিভাগে নিৰ্দেশ দিয়ে । এই নিৰ্দেশনাৰ পিছতে কালি আৰু আজি বন বিভাগৰ জ্যেষ্ঠ বন বিষয়া মুকুল তামুলীয়ে পবিতৰাত বাহৰপাতি পৰিস্থিতি পৰ্যৱেশন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here