ঢকুৱাখনা বিধান সভা সমষ্টিত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলে ৯৫৯১ টা ভোটৰ বৃহৎ জয়লাভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদন ঢকুৱাখনা , ২ মেঃ ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নৱ কুমাৰ দলে জয়লাভ কৰে । দেওবাৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধীপতি কাৰ্যালয়ত পুৱা আঠ বজাৰ পৰা অনুষ্ঠিত হৈছিল ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা । ঢকুৱাখনা সমষ্টিৰ পৰা পাচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল । ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল নৱ কুমাৰ দলে আৰু কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দীতা কৰিছিল পদ্ম লোচন দলে । আনহাতে , অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল সত্যজি ৰেগনে , ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল জ্যোতিক দলে আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল ললিত পেগুয়ে । কিন্তু ঢকুৱাখনা বিধান সভা সমষ্টিৰ মূল নিৰ্বাচনী যুজখন অনুষ্ঠিত হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নৱ কুমাৰ দলে আৰু কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলেৰ মাজত । ২৪ টা ৰাউণ্ডত হিচাপ কৰা হৈছিল এই গণনাত । অৱশেষত ঢকুৱাখনা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেই কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলেক ৯৫৯১ ভোটৰ ব্যবধানত পৰাস্ত কৰে । আনহাতে , কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাই লাভ কৰে ৮৬৩৭৭ টা ভোট ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here