তিনিচুকীয়াৰ দিহিঙ্গীয়া গাঁৱত এজন কৰ্তব্যৰত আৰক্ষী জোৱানক মাৰপিট কৰিলে উদণ্ড যুৱকে

0
12

তিনিচুকীয়াৰ দিহিঙ্গীয়া গাঁৱত এজন কৰ্তব্যৰত আৰক্ষী জোৱানক মাৰপিট কৰিলে উদণ্ড যুৱকে

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ১৩ জুলাইঃ যি সময়ত আৰক্ষীয়ে কভিড মহামাৰীৰ পৰা জনসাধাৰণক সুৰক্ষা দিবলৈ দিন-ৰাতি একাকাৰ কৰি কাম কৰি আহিছে , তেনে সময়তে আজি তিনিচুকীয়াৰ ডিহিঙ্গীয়া গাঁৱত খাকী পোছাক পৰিধান কৰি থকা এজন আৰক্ষী জোৱানক পাঁচ জনীয়া উদণ্ড যুৱকৰ দল এটাই কোনো কাৰণ নোহোৱাকৈ আক্ৰমন কৰাক কেন্দ্ৰ কৰি তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে , ডিহিঙ্গীয়া চাৰিআলি বাইপাছত এখন সৰু হোটেলত অকলে চাহ খাই থকাৰ সময়তে ৫ জনীয়া এটা যুৱকৰ দলে মাৰপিট কৰে মাকুমস্থিত দ্বিতীয় আৰক্ষী বেটেলিয়ানৰ জোৱানজনক । আৰক্ষী জোৱানজন পানীতোলাৰ নিজ গৃহৰ পৰা মাকুমলৈ গৈ আছিল । উদণ্ড যুৱকৰ দলটোৱে বেয়া শব্দৰে গালি-গালাজো কৰে । আৰক্ষী কনিষ্ঠ বল জনে এই সম্পৰ্কে তিনিচুকীয়া আৰক্ষীক অৱগত কৰে আৰু পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনকান্ত সোণোৱালৰ নেতৃত্বত এটি আৰক্ষী দলে কালি নিশা কিৰণ গোঁহাই , কৌশিক গোঁহাই আৰু ভাস্কৰ গোঁহাই নামৰ তিনিজন অভিযুক্তক আটক কৰি নিজৰ জিম্মাত ৰাখিছে আৰু আজি সৌৰভ দত্ত নামৰ যুৱক জনে আত্মাসমৰ্পণ কৰে । আনহাতে , আন এজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছে । খুব কম সময়ৰ ভিতৰতে অপৰাধীক আটক কৰিব বুলি পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিনকান্ত সোণোৱালে জানিব দিয়ে । বৰ্তমান আটক কৰা যুৱক কেইজনক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here