তেজপুৰত বিষাক্ত ফেটি সাপ উদ্ধাৰ সৰ্পবন্ধু সৌৰভ বৰকটকীৰ

0
10

তেজপুৰত বিষাক্ত ফেটি সাপ উদ্ধাৰ সৰ্পবন্ধু সৌৰভ বৰকটকীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৫ জুলাইঃ শোণিতপুৰ জিলাৰ তেজপুৰ নিজ হলেশ্বৰত আজি এডাল বিষাক্ত ফেটি সাপ উদ্ধাৰ কৰে তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু হিচাপে খ্যাত সৌৰভ বৰকটকীয়ে । নিজ হলেশ্বৰ নিবাসী চবিনন্দন বৰাৰ বাসগৃহত থকা মাটি কলহ এটাৰ ভিতৰত এডাল বিষাক্ত চকৰী ফেটী সাপ সোমাই থকাত গৃহস্থই ফোনযোগে যোগাযোগ কৰি সৰ্পবন্ধু সৌৰভক খৱৰ দিয়াৰ ভিত্তিত ততাতৈয়াকৈ সৌৰভ আৰু বনকৰ্মীৰ দল আহি বিষাক্ত ফেটি সাপডাল নিখুটভাবে উদ্ধাৰ কৰে । তাৰপিছত সৌৰভ আৰু বনকৰ্মীৰ সহযোগত অতি নিখুটভাবে বিষাক্ত ফেটি সাপটো উদ্ধাৰ কৰি আনি ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি প্ৰকৃতিপ্ৰেমী সৌৰভে কয় যে , সাপ, পহুৰ লগতে বিভিন্ন বন্যপ্ৰাণীসমূহ মাৰি পেলোৱাতকৈ সকলোৱে মৃত্যুমূখৰ পৰা উদ্ধাৰ কৰি সুৰক্ষা কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনায় । এই উদ্ধাৰ অভিযানত সৌৰভৰ লগত ৰাজবল্লভ শৰ্মাই বিশেষভাৱে সহায় সহযোগ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here