দক্ষিণ শালমাৰা মানকাচৰ জিলাত মহাজোটৰ বৃহৎ জয় , ১৩৬০৮০ টা ভোটৰ ব্যৱধানত ওৱাজেদ আলী চৌধুৰীৰ বৃহৎ জয় , ১৬ বছৰীয়া সক্ৰিয় ৰাজনীতিত আমিনুল ইছলামৰ সফল যাত্ৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ৩ মে : সদ্য সমাপ্ত ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত মহাজোটৰ বৃহৎ জয় হোৱা পৰিলক্ষিত হয় ৷ জিলাখনৰ ২১ নং মানকাচৰ সমষ্টিত মহাজোটৰ (ইউ ডি এফ)ৰ প্ৰাৰ্থী আমিনুল ইছলামে ৫৬৭১৮ টা ভোটৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ মহাজোট (কংগ্ৰেছ)ৰ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীয়ে ১৩৬১৭৯ টা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। ২১ নং মানকাচৰ বিধান সভা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী আমিনুল ইছলামৰ ১৬ বছৰীয়া ৰাজনৈতিক জীৱনত দুবাৰ কৈ মানকাচৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় । প্ৰথমবাৰ ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত মানকাচৰৰ পৰা অৱতীৰ্ণ হয় যদিও পৰাজয় বৰণ কৰিব লগা হয় । আকৌ দ্বিতীয় বাৰৰ বাবে ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত মানকাচৰৰ পৰা মহাজোট ( ইউ ডি এফ) ৰ প্ৰাৰ্থী হিচাপে থিয় দি মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামক শোচনীয় বাবে পৰাজিত কৰি অসম বিধান সভাৰ মজিয়াত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । অসমৰ ৰাজনীতিত ২০০৫ চনৰ ২ অক্টোবৰ তাৰিখে নতুনকৈ জন্ম হোৱা ৰাজনৈতিক দল ইউ ডি এফৰ সাংগাঠনিক সম্পাদক আৰু মুখপাত্ৰ হৈ দলৰ বাবে কাম কৰা আমিনুল ইছলাম এগৰাকী সফল ৰাজনীতিবিদ হিচাপেও পৰিচিত ।
দলটোৰ নতুন চানক্য হিচাপে কাম কৰা আমিনুল ইছলামে নিজৰ দক্ষতাৰে দলটোক সন্মুখৰ পৰা নেতৃত্ব দি যুৱ প্ৰজন্মৰ হৈ বহু কাম কৰি আহিছে । অসমৰ সংখ্যালঘুৰ বিভিন্ন ধৰণৰ সমস্যাৰ সময়তে প্ৰত্যক্ষ বাবে মাত মাতি অহা আমিনুল ইছলামে এইবেলি প্ৰথমবাৰৰ বাবে অসম বিধান সভাৰ মজিয়াত প্ৰৱেশ কৰিবলৈ সুযোগ পায় । ২১ নং মানকাচৰ সমষ্টিৰ পৰা আমিনুল ইছলামে লাভ কৰা ভোটৰ সংখ্যা হল ১২২৭৪৮ টা । ইয়াৰ বিপৰীতে মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰা ভোটৰ সংখ্যা হল ৬৬০৩০ টা । ইফালে , ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ পৰা মহাজোট ( কংগ্ৰেছ)ৰ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীয়ে সৰ্ব কালৰ অভিলেখ ভংগ কৰিলে । অসমৰ ৰাজনীতিত সফল ব্যক্তি হিচাপে পৰিচিত ওৱাজেদ আলী চৌধুৰীয়ে কংগ্ৰেছ দলৰ এসময়ত মন্ত্ৰী হবলৈ সুযোগ লাভ কৰিছিল । এই বেলি ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত দক্ষিণ শালমাৰা সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে । মনকৰিবলগীয়া কথা যে , ওৱাজেদ আলী চৌধুৰীৰ লগত ফেৰ মাৰিবলৈ সমষ্টিখনত বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে সুযোগেই নাপালে । ওৱাজেদ আলী চৌধুৰীয়ে লাভ কৰা ভোটৰ সংখ্যা হল ১৪৬৭৫৭ টা । ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাই লাভ কৰে ১০৬৯৯ টা ভোট ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here