দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ

0
5

দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ , নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰা আৰু কৰ্মচাৰীৰ পাপ্য দৰমহা মুকলিৰ দাবী মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ষ্টাফ ৰিৰ্পটাৰ , মৰিগাঁও , ১০ জুনঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্মাক্ষৰিত এখন স্মাৰক পত্ৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে । সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে যে,মৰিগাঁও জিলাৰ জাগীৰোড স্থিত নগাঁও কাগজ কলে অসমৰ অৰ্থনৈতিক আৰু নিবনুৱা সংস্থাপনৰ লগতে বানিজ্য দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । কিন্তু অতি পৰিত্ৰাপৰ বিষয়,বিগত ২০১৭ চনৰ ১৩ মাৰ্চ তাৰিখলৈ ৩০০ মেট্ৰিকটন বহন ক্ষমতা থকা কাগজ কলটোৰ ২৭৬ মেট্ৰিকটন কাগজ উৎপাদন কৰি থকা অৱস্থাতে হঠাৎ বন্ধৰ নিৰ্দেশনায়ে কেৱল মাত্ৰ মৰিগাঁও বাসীকে নহয় সমগ্ৰ অসমবাসীক হতভম্ব কৰি তুলিলে । নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কাগজ কল পুনৰুজ্জীৱিত কৰি তোলা হব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কাৰ্যকৰি নকৰি এতিয়া ষড়যন্ত্ৰমূলকভাৱে পুঁজিপতিৰ হাতত বিক্ৰী কৰিবৰ হেতুকে নিলামৰ জাননী ৰাজহুৱা কৰিছে । যিটো বিষয়ক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে বিৰোধিতা কৰাৰ লগতে গৰিহণা দিছে । সংগঠনতোৱে স্মাৰক পত্ৰৰ জৰিয়তে নগাঁও কাগজ কলতো পুনৰুজ্জীৱিত কৰি তোলাৰ লগতে কৰ্মচাৰী সকলৰ পাপ্য দৰমহা অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here